ডিজিটেল ডেস্ক: মঙ্গলবাৰে অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন মেচত ভাৰতীয় দলৰ বলিং আক্ৰমণৰ সন্মুখত তচনচ হৈ পৰিছিল ইংলেণ্ডৰ বেটিং লাইন আপ। ইয়াৰ পিছত কোনো উইকেট নেহেৰুৱাকৈয়েই সহজে জয় সাব্যস্ত কৰিছিল ভাৰতে। আজি লৰ্ডছত অনুষ্ঠিত দ্বিতীয় খন এদিনীয়াতো ঘটিল প্ৰথম মেচৰ পুনৰাবৃত্তি। কিন্তু ইংলেণ্ডৰ পৰিৱৰ্তে এইবাৰ বলিং আক্ৰমণৰ চিকাৰ হ'ল ভাৰতীয় বেটিং লাইন আপ।
ভাৰতীয় শিবিৰত ত্ৰাসৰ কাৰণ হৈ একপ্ৰকাৰে ধুমুহাৰ সৃষ্টি কৰে ইংলেণ্ডৰ পেচাৰ ৰিচ টপলী। টপলীৰ ধুমুহাই উৰুৱাই নিয়ে ভাৰতৰ প্ৰথম মেচত জয়ৰ গৌৰৱ। সম্পূৰ্ণৰূপে উচন হৈ পৰা বেটিং লাইন আপৰ ফলত ১০০ ৰানত পৰাস্ত সহ্য কৰিবলগীয়া হয় ভাৰতে।
অৱশ্যে ভাৰতৰ সমুখত নাছিল জয়ৰ বাবে তেনে কঠিন লক্ষ্য। বলিং আক্ৰমণৰ চোক অব্যাহত ৰাখি ভাৰতে আজিও ২৪৬ ৰানতে সীমিত ৰাখিছিল ইংলেণ্ডৰ ইনিংছ। কিন্তু টপলী ধুমুহাৰ লগতে ইংলেণ্ডৰ বলিং বিভাগৰ সন্মিলিত আক্ৰমণত এই সহজ লক্ষ্যও অতিক্ৰম কৰাত বিফল হয় ভাৰত।
২৪৭ ৰানৰ সহজ লক্ষ্য অনুসৰণ কৰি আৰম্ভণিতেই উজুটি খাই ভাৰতে। ইনিংছৰ দ্বাদশ অভাৰতে মাত্ৰ ৩১ ৰানতে ৪ টাকৈ উইকেট হেৰুৱাই নিশ্চিত পৰাজয়ৰ ক্ষণ গণে ভাৰতে। প্ৰথম মেচত দুৰ্দান্ত বেটিং প্ৰদৰ্শন কৰা অধিনায়ক ৰোহিত শৰ্মাই আজি খুলিবই নোৱাৰিলে ৰানৰ খাটা। আনগৰাকী অপেনাৰ ধাৱানেও ব্যক্তিগত ৯ ৰানত পেভিলিয়নলৈ উভতে। আনহাতে সীমিত অভাৰৰ ক্ৰিকেটত ব্যৰ্থতা অক্ষুণ্ণ ৰাখি পণ্টেও কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে পেভিলিয়নমুখী হয়।
যোৱা আঢ়ৈ বছৰে বেটত ৰানৰ খৰাঙত ভুগি থকা কোহলীৰ বেটলৈও নাহিল ৰানৰ বৰষুণ। ‘চেজ মাষ্টাৰ’ খ্যাত ৰান মেচিনগৰাকীও বেছি সময় নিটিকিল ২২ গজৰ যুঁজত। অৱশ্যে তাৰ পিছত সূৰ্যকুমাৰ যাদৱ আৰু পাণ্ডিয়াই পঞ্চম উইকেটত ৪২ ৰান যোগ দি কিঞ্চিত আশাৰ সৃষ্টি কৰিছিল যদিও পুনৰবাৰ টপলীয়ে যাদৱক উভতাৰ পথ দেখুৱাই ভাৰতক পুনৰ বিপদলৈ ঠেলি দিয়ে।
এনেদৰেই সঘন উইকেট পতনৰ পিছত আৰু শৃংখলা জয়ৰ সপোনত চেঁচাপানী ঢালি ১৪৬ ৰানত ইনিংছ সামৰি ১০০ ৰানত পৰাজয় স্বীকাৰ কৰে ভাৰতে। দললৈ সৰ্বাধিক ২৯ কৈ ৰানৰ অৱদান আগবঢ়ায় হাৰ্দিক পাণ্ডিয়া আৰু ৰবীন্দ্ৰ জাদেজাই। সূৰ্যকুমাৰ যযাদৰ বেটৰ পৰা আহে ২৭ ৰান। ২৩ ৰান সংগ্ৰহ কৰে মহম্মদ ছামিয়ে।
ভাৰতৰ বিপৰ্যয়ৰ কাৰণ হৈ পৰা ৰিচ টপলীয়ে ২৪ ৰানত ৬ উইকেট দখল কৰি ভাৰতৰ মেৰুদণ্ড বেঁকা কৰি পেলায়। এটাকৈ উইকেট পায় উইলী, কাৰ্লে, লিভিংষ্টোন আৰু মঈন আলীয়ে।
ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰি ভাৰতৰ বলিং আক্ৰমণৰ সন্মুখত আকৌ এবাৰ অসহায় হৈ পৰা ইংলেণ্ডে ২৪৬ ৰানতে ইনিংছ সামৰে। দললৈ সৰ্বাধিক অৰিহণা আগবঢ়ায় মঈন আলী (৪৭ ৰান)। উইলীয়েও ৪১ ৰানৰ এটা উদ্ধাৰকাৰী ইনিংছ খেলে। অপেনাৰ বেৰিষ্ট্ৰ’ই ৩৮ আৰু লিভিংষ্টোনে ৩৩ ৰানকৈ অৱদান আগবঢ়ায়।
ভাৰতৰ হৈ চাহালে ৪ টা উইকেট লাভ কৰাৰ বিপৰীতে দুটাকৈ উইকেট দখল কৰিছিল বুমৰাহ আৰু পাণ্ডিয়াই। এটাকৈ উইকেট পায় ছামি আৰু প্ৰসিধ কৃষ্ণই।
লৰ্ডছত জয়েৰে শৃংখলাটোত সমতা স্থাপন কৰাৰ পিছত এতিয়া অঘোষিত ফাইনেল স্বৰূপ হৈ পৰিছে দেওবাৰে মানচেষ্টাৰত অনুষ্ঠিত হ’বলগীয়া তৃতীয় এদিনীয়া। নিৰ্ণায়ক মেচখনত শেষ হাঁহি মৰা দলটোৱেই শৃংখলাটোতো শেষ হাঁহি মাৰি খিতাপ দখল কৰিব।
Leave A Comment