ডিজিটেল ডেস্কঃ উইম্বলডন ফাইনেল ২০২২ত শেষ হাঁহি মাৰিলে নোভাক জ’কভিচে। দেওবাৰে চেণ্টাৰ ক’ৰ্টত অনুষ্ঠিত তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলখনত কিং জোকাৰে নিক কিৰ্গিঅ’ছক পৰাস্ত কৰে। ছাৰ্বিয়ান ছুপাৰষ্টাৰগৰাকীয়ে নিজৰ কেৰিয়াৰৰ সপ্তমটো উইম্বলডন ৪-৬, ৬-৩, ৬-৪, ৭-৬ (৩) ব্যৱধানত জয়লাভ কৰে। বিশ্বৰ তিনি নম্বৰ টেনিছ খেলুৱৈগৰাকীয়ে নিজৰ কেৰিয়াৰৰ ২১ সংখ্যক গ্ৰেণ্ড শ্লাম জয় কৰে।
গ্ৰেণ্ড শ্লামত জ’কভিচে ৰজাৰ ফেডাৰেৰক অতিক্ৰম কৰে। সন্মুখত কেৱল ৰাফেল নাডাল। এতিয়ালৈকে নাডালৰ মানত আছে ২২ টা গ্ৰেণ্ড শ্লাম। জ’কভিচে সপ্তমবাৰৰ বাবে অষ্টম উইম্বলডনৰ ফাইনেলত জয়লাভ কৰে। স্পৰ্শ কৰিলে পিট ছাম্প্ৰাছক। ফেডাৰেৰ সৰ্বাধিকবাৰ উইম্বলডনত জয়লাভ কৰিছে। তেওঁ ৮ বাৰকৈ খিতাপ দখল কৰিছে। ২০১৭ চনৰ পৰা এই প্ৰতিযোগিতাত পৰাস্ত নোহোৱাৰ অভিলেখ গঢ়িছে জ’কভিচে।
Leave A Comment