ডিজিটেল ডেস্ক: ২০২৫ চনৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ আয়োজনৰ স্বত্ব লাভ কৰিছে টকিঅ’ই। ক্ৰীড়াৰ গোলকীয় পৰিচালনা সমিতিয়ে বৃহস্পতিবাৰে এই ঘোষণা কৰে। কেনিয়া, পোলেণ্ড আৰু ছিংগাপুৰে প্ৰতিযোগিতাখন আয়োজনৰ বাবে নিবিদা আগবঢ়াইছিল যদিও অৱশেষত জাপানে এই স্বত্ব লাভ কৰে। বিশ্ব এথলেটিকছ পৰিষদে বৃহস্পতিবাৰে অফিচিয়েল ৰূপত এই ঘোষণা কৰিছে। এইদৰে টকিঅ'ই দ্বিতীয়বাৰৰ বাবে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰিছে।
উল্লেখ্য যে যোৱা বৰ্ষত টকিঅ’ত অনুষ্ঠিত হৈছিল অলিম্পিক ক্ৰীড়া। কিন্তু ক’ভিডৰ বাবে অলিম্পিকৰ ষ্টেডিয়ামত নাছিল দৰ্শকৰ উপস্থিতি। বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ আয়োজনৰ সুযোগ লাভ কৰাৰ লগে লগে গেলাৰী ভৰ্তি দৰ্শকৰ সন্মুখত উপভোগ্য হৈ উঠিব বিশ্বৰ আগশাৰীৰ ক্ৰীড়া প্ৰতিযোগিতাখন।
বিশ্ব এথলেটিকছৰ সভাপতি চেবাষ্টিয়ান কোয়ে এক বিবৃতিত কয়, "বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ আয়োজনৰ বাবে কেইবাখনো দেশৰ প্ৰাৰ্থীত্বৰ এক শক্তিশালী নিবিদাৰ ভিতৰত টকিঅ'ই এক আকৰ্ষণীয় নিবিদা আগবঢ়াইছে।”
“২০২৫ চনত জাপানী এছ'চিয়েচন অৱ এথলেটিকছ ফেডাৰেচন (জেএএএফ)ৰ ১০০ বছৰ উদযাপন কৰিব আৰু এনে সময়তে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপে টকিঅ'ৰ জনসাধাৰণৰ ওচৰলৈ বিশ্বমানৰ এথলেটিকছ ঘূৰাই আনিব। মই আশা কৰোঁ যে এইয়া জাপানৰ বাবে এক উজ্জ্বল পোহৰ হ'ব।"- কোয়ে লগতে কয়। স্মৰ্তব্য যে টকিঅ'ত অন্তিমবাৰৰ বাবে ১৯৯১ চনত বিশ্ব চেম্পিয়নশ্বিপ আয়োজিত হৈছিল।
আয়োজনৰ স্বত্ব লাভ কৰাৰ পিছতে জাপানী এছ'চিয়েচন অৱ এথলেটিকছ ফেডাৰেচনৰ সভাপতি মিৎচুগি ওগাতাই এক বিবৃতিত কয়, "ইতিহাসে দেখুৱাইছে যে বিশ্বৰ শীৰ্ষ খেলুৱৈসকলক আতিথ্য দিয়া আৰু আন্তঃৰাষ্ট্ৰীয় দৰ্শকসকলক অনুপ্ৰাণিত কৰাৰ ক্ষমতা আৰু শক্তি আমাৰ আছে।"
"আমি প্ৰতিশ্ৰুতি দিছো যে টকিঅ'ৰ অলিম্পিক ষ্টেডিয়ামখন খেলুৱৈ আৰু ক্ৰীড়াৰ সৈতে জড়িত সকলোৰে বাবে এক পাহৰিব নোৱাৰা অভিজ্ঞতা হিচাপে খ্যাতি ৰৈ যোৱাকৈ অনুৰাগীৰে ভৰি থাকিব।"— ওগাতাই লগতে কয়।
আজিৰ পৰা অৰেগনৰ ইউজিনৰ হেৱাৰ্ড ফিল্ডত আৰম্ভ হ'বলগীয়া এই বছৰৰ বিশ্ব চেম্পিয়নশ্বিপৰ প্ৰাকমুহূৰ্তত এই সিদ্ধান্ত ঘোষণা কৰা হৈছিল। বিশ্ব এথলেটিকছে লগতে ঘোষণা কৰা অনুসৰি ২০২৩ বৰ্ষৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ বুডাপেষ্টত অনুষ্ঠিত হ’ব। আনহাতে পৰৱৰ্তী দুটা সংস্কৰণ ক্ৰমে ২০২৪ ত মেডুলিন আৰু পুলা, ক্ৰোৱেছিয়া আৰু ২০২৬ত টালাহাচি, ফ্লৰিডাত অনুষ্ঠিত হ'ব।
Leave A Comment