• টি-টুৱেণ্টি বিশ্বকাপৰ প্ৰাকমুহূৰ্তত মেচ ফিক্সিং কাণ্ড! ১৪ বছৰৰ বাবে নিৰ্বাসিত হ’ল এইগৰাকী ক্ৰিকেটাৰ

    ক্ৰীড়া
    টি-টুৱেণ্টি বিশ্বকাপৰ প্ৰাকমুহূৰ্তত মেচ ফিক্সিং কাণ্ড! ১৪ বছৰৰ বাবে নিৰ্বাসিত হ’ল এইগৰাকী ক্ৰিকেটাৰ
    ডিজিটেল ডেস্কঃ টি-টুৱেণ্টি বিশ্বকাপৰ প্ৰাকমুহূৰ্তত পুনৰ মেচ ফিক্সিং কাণ্ড সংঘটিত হৈছে৷ মেচ ফিক্সিঙত জড়িত থকাৰ বাবে সংযুক্ত আৰৱ আমিৰশ্বাহীৰ এগৰাকী ক্ৰিকেটাৰ মেহাৰ ছায়াকৰক গভীৰ শাস্তি প্ৰদান কৰিছে৷

    আইচিচিয়ে ছায়াকৰক ১৪ বছৰৰ বাবে ক্ৰিকেটৰ পৰা নিৰ্বাসন দিছে৷ উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও আমিৰশ্বাহীৰ চাৰিগৰাকী ক্ৰিকেটাৰক বিগত ডেৰ বছৰৰ ভিতৰত নিৰ্বাসিত কৰিছিল আইচিচিয়ে৷

    এইবাৰ নিৰ্বাসন দিয়া ছায়াকৰৰ বিৰুদ্ধেও একাধিকবাৰ মেচ ফিক্সিঙৰ অভিযোগ উঠি আহিছে৷ আইচিচিৰ দুৰ্নীতি নিবাৰণ সংক্ৰান্তীয় সাত নম্বৰ ধাৰা অনুসৰি এই শাস্তি প্ৰদান কৰা হৈছে তেওঁক৷

    অভিযোগ অনুসৰি, ২০১৯ চনৰ এপ্ৰিল মাহত জিম্বাবুৱে বনাম আমিৰশ্বাহী চিৰিজ, কানাডাৰ জি টি-টুৱেণ্টি প্ৰতিযোগিতাত ছায়াকৰে মেচ ফিক্সিং কৰিছিল৷ ইয়াৰ পূৰ্বে ২০১৮ চনতো তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল৷

    উল্লেখযোগ্য যে ছায়াকৰ এগৰাকী ভাৰতীয় বংশোদ্ভৱ ক্ৰিকেটাৰ৷ ভাৰতত জন্মগ্ৰহণ কৰা ক্ৰিকেটাৰগৰাকীয়ে আমিৰশ্বাহীৰ বাসিন্দা হোৱাৰ সূত্ৰে সেই দেশখনৰ হৈ ক্ৰিকেট খেলি আহিছে৷

    ছায়াকৰৰ পূৰ্বেও মেচ ফিক্সিঙত যুক্ত থকাৰ অভিযোগত আমিৰশ্বাহীৰ প্ৰাক্তন অধিনায়ক মহম্মদ নাভিদ আৰু প্ৰাক্তন বেটাৰ আনোৱাৰ বাটক ২০২১ চনৰ মাৰ্চ মাহত আঠ মাহৰ বাবে নিৰ্বাসিত কৰা হৈছিল৷ তদুপৰি প্ৰাক্তন উইকেট কীপাৰ গুলাম শ্বাব্বিৰকো একে বৰ্ষৰে ছেপ্টেম্বৰ মাহত চাৰি বছৰৰ বাবে নিৰ্বাসন দিয়া হৈছিল৷