• কলকাতা নাইট ৰাইডাৰ্ছক আইপিএলৰ অভিনন্দন জনাবলৈ গৈ ‘ভুল’ কৰিলে পাকিস্তানৰ ক্ৰিকেটাৰে!

    ক্ৰীড়া
    কলকাতা নাইট ৰাইডাৰ্ছক আইপিএলৰ অভিনন্দন জনাবলৈ গৈ ‘ভুল’ কৰিলে পাকিস্তানৰ ক্ৰিকেটাৰে!
    ডিজিটেল ডেস্কঃ দেওবাৰে কলকাতা নাইট ৰাইডাৰ্ছে ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি আই পি এলত জয়লাভ কৰে। উমৰাণ আকমালে দলটোক অভিনন্দন জ্ঞাপন কৰে। পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে শুভেচ্ছা পোষ্ট কৰি আলোড়নৰ সৃষ্টি কৰে। তেওঁ কেকেআৰৰ নামটো ভুলকৈ লিখিলে।

    আকমলে কেকেআৰক অভিনন্দন জনাওতে গোলমাল কৰিলে। কেকেআৰ লিখি থাকোঁতে তেওঁ কেকেএল লিখিছিল। আকমালে লিখিছে, তৃতীয়বাৰৰ বাবে আই পি এলৰ ট্ৰফী জয় কৰাৰ বাবে কে কে এলক অভিনন্দন। তেওঁৰ পোষ্টৰ পিছতেই আৰম্ভ হ’ল কটুক্তি। 

    কিন্তু আকমলে এনে ভুল কৰাটো প্ৰথম নহয়। ইয়াৰ আগতেও বিভিন্ন পোষ্ট দিওঁতে তেওঁ ভুল বানান লিখিছিল। আকমলে এবাৰ বিৰাট কোহলীৰ জন্মদিনৰ শুভেচ্ছা জনাইছিল আৰু লগতে শচীন তেণ্ডুলকাৰৰ এখন ছবিও দিছিল। সেই পোষ্টটোত তেওঁ কি লিখিব বিচাৰিছিল সেয়া বুজা হোৱা নাছিল। আকমলে সেই সকলোবোৰ পোষ্ট যদিও ডিলিট নকৰে। সেই সকলোবোৰ পোষ্ট এতিয়াও ছ’চিয়েল মিডিয়া পেজত দেখা পোৱা যায়।