ডিজিটেল ডেস্কঃ ভাৰত-ইংলেণ্ড এইবাৰ মুখামুখী হ’ব ৩খন এদিনীয়া ছিৰিজত। আজি লণ্ডনৰ কেনিংটন অ’ভেলত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত দুয়োটা দলে মুখামুখী হ’ব। পিছে প্ৰথম এদিনীয়াৰ প্ৰাকমুহূৰ্তত ভাৰতীয় শিবিৰলৈ আহিছে এক দুঃসংবাদ! আঘাতৰ বাবে বিৰাট কোহলীয়ে এই মেচখনত খেলিব নোৱাৰাৰ সম্ভাৱনাই প্ৰকট হৈ পৰিছে! ট্ৰেণ্ট ব্ৰীজত অনুষ্ঠিত ভাৰত-ইংলেণ্ড শৃংখলাৰ তৃতীয় আৰু অন্তিমখন টি-২০ মেচত কোহলীয়ে আঘাত পাইছিল বুলি অনুমান কৰা হৈছে।
সোমবাৰে কেনিংটন অ’ভেলত ভাৰতে চলাইছিল প্ৰস্তুতি। সূত্ৰই সদৰী কৰা মতে, কোহলী সেই অনুশীলনলৈ অহা নাছিল। অৱশ্যে শিখৰ ধৱন, ছাৰ্দুল ঠাকুৰ আৰু প্ৰসিদ্ধ কৃষ্ণাক দেখিবলৈ পোৱা গৈছিল অনুশীলনৰত অৱস্থাত। আনহাতে, নটিংহামৰ পৰা কেনিংটনলৈ যোৱা বাছখনতো কোহলী নাছিল বুলি খবৰ ওলাইছে। কাৰণ হিচাপে-মেডিকেল চেক-আপৰ বাবে কোহলীয়ে নহা বুলিয়ে সদৰী কৰিছে বিশেষ সূত্ৰই।
এক সূত্ৰৰ উদ্ধৃতিৰে পিটিআইয়ে জনোৱা মতে, ‘বিৰাটে শেষৰখন মেচ খেলি থাকোঁতে গ্ৰ’ইনত আঘাত পাইছিল। অৱশ্যে, ফিল্ডিং নে বেটিং কৰাৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল সেয়া নিশ্চিতভাৱে ক’ব নোৱাৰি।’
ইফালে, কোহলীৰ অফ ফৰ্ম এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ইংলেণ্ডৰ বিৰুদ্ধে সদ্য সমাপ্ত টি-২০ শৃংখলাতো ব্যৰ্থ হয় বিৰাট কোহলী। বেক টু বেক মেচত ১ আৰু ১১ ৰানত আউট হৈছিল ৰান মেছিনে। ইয়াৰ সমান্তৰালকৈ, ভাৰতীয় দলৰ পৰা বিৰাটক অপসাৰণ কৰাৰ কথাই গতি লাভ কৰিছে। কি হ’!ব কোলীৰ ভৱিষ্যত্? তাকে লৈ এতিয়া উদ্বিগ্ন ক্ৰীড়াবিশ্ব। কপিল দেৱৰ দৰে কিংবদন্তী ক্ৰিকেটাৰে কোহলীক দলৰ পৰা অপসাৰণ কৰাৰ কথা কোৱাৰ পাছতে অব্যাহত আছে ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ। কোহলীৰ বেটত এতিয়া ৰানৰ বণ্যা অতীত হ’লও কেৱল আগ্ৰাসী এটিটিউডৰ বাবেই দলৰ পৰা বিতাৰিত কৰিব পৰা নাই নেকি কোহলীক? এনে বহু অনাকাংক্ষিত প্ৰশ্নই স্পৰ্শ কৰি গৈছে ক্ৰীড়াবিশ্বক। তাৰ মাজতে কোহলীয়ে নিজকে কিদৰে টঙাই ৰাখে সেয়াহে হ’ব লক্ষ্যণীয়!
Leave A Comment