ডিজিটেল ডেস্ক: সৌৰভ গাঙ্গুলী— সকলোৰে সন্মানৰ ‘দাদা’, বংগবাসীৰ আপোন ‘মহাৰাজ’! কোনে পাহৰিব পাৰে ভাৰতীয় ক্ৰিকেটৰ নতুনত্বৰ এই জনক গৰাকীক। ধীৰ-স্থিৰ আচৰণ অথচ এক আগ্ৰাসী মনোভাৱ, অধিনায়কোচিত সবল দক্ষতা, নিখুঁত সিদ্ধান্ত গ্ৰহণৰ অভূতপূর্ব কলা, কেইবাগৰাকীও উদীয়মান ক্ৰিকেটাৰৰ উত্থাপনৰ বাটকটীয়া ‘দাদা'ই ভাৰতীয় ক্ৰিকেটলৈ কঢ়িয়াই আনিছিল ৰূপান্তৰৰ মন্ত্ৰ। ভাৰতীয় ক্ৰিকেটত এক যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা কৰা বংগৰ মহাৰাজে আজি সম্পূৰ্ণ কৰিলে জীৱনৰ অৰ্ধশতক। প্ৰিয় ‘ক্ৰিকেটীয় শিল্পী’ গৰাকীৰ এই বিশেষ দিনটোত শুভেচ্ছা বাৰ্তাৰে ভৰি পৰিল সামাজিক মাধ্যম।
“জীৱনৰ পঞ্চাশটা বসন্ত অতিক্ৰম কৰাৰ পিছত এতিয়া দাদাৰ ভৱিষ্যতৰ পৰিকল্পনা কি?”— এই প্ৰশ্নই উৎসুক কৰি তুলিছে তেওঁৰ অজস্ৰ অনুৰাগীক। স্বাভাৱিকতেই প্ৰাসঙ্গিকতা আছে গুণমুগ্ধৰ এনে উৎসুকতাৰ। এনে এক পৰিৱেশৰ ৰচনা নিজেই কৰি লৈছে দাদাই। ২২ গজৰ মহাৰাজা এতিয়া বিচিচিআইৰ সভাপতি। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সভাপতি হিচাপে সৌৰভ গাংগুলীৰ কাৰ্যকাল চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত অন্ত পৰিব। বিচিচিআইৰ সভাপতি পদৰ পৰা অৱসৰ লোৱাৰ পিছত অন্য এক পৃথক ক্ষেত্ৰত নামি পৰিব নেকি গাংগুলী! নে নিজৰ জীৱনৰ একাগ্ৰ ব্ৰত স্বৰূপ ক্ৰিকেটৰ জগতখনতে বান্ধ খাই ৰ’ব দাদা!
উল্লেখ্য যে ছেপ্টেম্বৰত বিচিচিআইৰ সভাপতি পদৰ কাৰ্যকাল অন্ত পৰাৰ পিছত গাংগুলী পদত্যাগ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ অধ্যক্ষ হোৱাৰ এক সম্ভাৱনাই গা কৰি উঠিছিল। বৰ্তমানৰ আই চি চি- ৰ অধ্যক্ষগৰাকীয়েও এই বিষয়ত দিছিল এক সেউজ সংকেত। গাংগুলীয়ে যদিহে অধ্যক্ষ পদৰ বাবে যুঁজ দিয়ে তেতিয়া তেওঁ সমৰ্থন লাভ কৰিব বুলি ঈঙ্গিত দিছিল বৰ্তমানৰ অধ্যক্ষ গ্ৰেগ বাৰ্কলেই। অৱশ্যে এই সন্দৰ্ভত সৌৰভ গাংগুলীয়ে এতিয়ালৈকে কোনো মন্তব্য কৰা নাই।
কিন্তু ক্ৰিকেটীয় জগতখনৰ পৰিৱৰ্তে আন এক জগতৰ সৈতে জড়িত খবৰেৰে গাংগুলীক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈ আহিছে। যোৱা ১ জুনত সৌৰভ গাংগুলীৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা এটা টুইট পোষ্ট কৰা হৈছিল। এই টুইটটোৱে সমগ্ৰ দেশতে এক আলোড়নৰ সৃষ্টি কৰিছিল।
টুইটটোত গাংগুলীয়ে কয়, ‘১৯৯২ চনত ক্ৰিকেটৰ সৈতে মোৰ যাত্ৰা আৰম্ভ হোৱাৰ পিছত ২০২২ বৰ্ষটো এই জগতখনত মোৰ ৩০ তম বছৰ। তেতিয়াৰ পৰা ক্ৰিকেটে মোক বহুখিনি দিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, ই মোক আপোনালোক সকলোৰে সমৰ্থন দিছে। মই যাত্ৰাৰ অংশ হৈ থাকি মোক আজিৰ স্থানত উপনীত হোৱাত সহায় কৰা প্ৰতিজন ব্যক্তিক ধন্যবাদ জনাব বিচাৰো।”
টুইটটোত তেওঁ লগতে কয়,"বিগত ৩০ বছৰত ক্ৰিকেটে মোক বহুখিনি দিছে। এতিয়া নতুন কিবা এটা আৰম্ভ কৰিব খুজিছোঁ। মই এনেকুৱা কাম কৰিব বিচাৰো যাৰ দ্বাৰা সাধাৰণ জনতা উপকৃত হ’ব।’ গাংগুলীৰ এই টুইটৰ পিছত সামাজিক মাধ্যমৰ লগতে দেশৰ সংবাদ মহলতো তোলপাৰ লাগিছিল। টুইটটোৰ আধাৰত মূলত দুটা সম্ভাৱনাই গা কৰি উঠিছিল- এক, সৌৰভ গাংগুলীয়ে বিচিচিআইৰ সভাপতি পদৰ পৰা পদত্যাগ। দ্বিতীয়তে, তেওঁ ৰাজনীতিত যোগদান কৰিব।
এনে ব্যাপক চৰ্চাৰ পাছতে বিচিচিআইৰ সম্পাদক জয় শ্বাহে গাংগুলীৰ পদত্যাগৰ সম্ভাৱনা অস্বীকাৰ কৰিছিল। আনহাতে গাংগুলীয়েও এই জল্পনা-কল্পনাৰ অন্ত পেলাই টুইটৰ আঁৰৰ উদ্দেশ্যৰ কথা অৱগত কৰিছিল। গাংগুলীৰ ভাষ্য অনুসৰি তেওঁৰ এই পোষ্টটোৰ আঁৰত কোনো পদত্যাগ বা ৰাজনীতিত যোগদানৰ উদ্দেশ্য নাই। দৰাচলতে এই নতুন পৰিকল্পনা অনুসৰি তেওঁ বিশ্বব্যাপী এটা শৈক্ষিক এপ মুকলি কৰাৰহে চিন্তা-চৰ্চা কৰিছে বুলি সদৰি কৰিছিল।
অৱশ্যে এই স্পষ্টীকৰণৰ পাছতো গাংগুলীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা জল্পনা-কল্পনাৰ অন্ত পৰা নাই। বিশেষকৈ তেওঁৰ ৰাজনীতিত যোগদানৰ সম্ভাৱনীয়তাক লৈ এতিয়াও চলি আছে ব্যাপক চৰ্চা। বিগত পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ সময়ৰ পৰাই সৌৰভ গাংগুলীৰ ৰাজনীতি গমনৰ সম্ভাৱনাই বিশেষভাৱে গা কৰি উঠিছিল।
২০২০ চনৰ শেষৰ ফালে গাংগুলীয়ে বংগৰ ৰাজ্যপালক ৰাজভৱনত সাক্ষাৎ কৰাৰ পিছতে গাংগুলীৰ ৰাজনৈতিক কেৰিয়াৰ সম্পৰ্কে চলি থকা জল্পনা-কল্পনাক এক নতুন মাত্ৰা প্ৰদান কৰিছিল। পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনত গাংগুলী বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব পাৰে বুলি ৰাজ্যখনৰ ৰাজনৈতিক মহলত দীৰ্ঘদিনীয়া চৰ্চাৰ বিষয় হৈ আছিল। ৰাজ্যপালৰ সৈতে সাক্ষাতৰ পিছত এই সম্ভাৱনাই বিস্তৃত ৰূপত গা কৰি উঠিছিল।
আনহাতে যোৱা ১০ মে’ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহসহ আন কেইবাজনো বিজেপি নেতাক নিজ বাসগৃহত নৈশ ভোজনৰ বাবে আতিথ্য প্ৰদান কৰিছিল গাংগুলীয়ে। ইয়াকে কেন্দ্ৰ কৰি গাংগুলীৰ ৰাজনৈতিক যাত্ৰাৰ বিষয়ত আলোচনা অধিক বৃদ্ধি পাইছিল। বিচিচিআইত সহকৰ্মী হিচাপে থকা অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহৰ সৈতে ইতিমধ্যে গাংগুলীৰ ঘনিষ্ঠ সম্পৰ্কৰ আধাৰত গাংগুলী শীঘ্ৰেই বিজেপি মুখী হ’ব পাৰে বুলিও আলোচিত হৈছিল।
অৱশ্যে গাংগুলীৰ বিজেপি যাত্ৰাক লৈ চলি থকা চৰ্চাৰ সমান্তৰালভাৱে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে থকা ঘনিষ্ঠতাৰ সূত্ৰে তৃণমূল কংগ্ৰেছত যোগদানেৰে ৰাজনীতিৰ পথাৰত নামিব পাৰে বুলিও ব্যাপকভাৱে চৰ্চিত হৈছিল।
ইতিপূৰ্বে ২০২১ চনত ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ৰিপাব্লিক মিডিয়া নেটৱৰ্কৰ এডিটৰ-ইন-চীফ অৰ্ণব গোস্বামীৰ সৈতে এক বিশেষ বাৰ্তালাপত সৌৰভ গাংগুলীয়ে ‘ৰাজনীতিৰ পথাৰখন বেয়া নহয়' বুলি এক মন্তব্য কৰিছিল। এই মন্তব্যৰ জৰিয়তে তেওঁ ৰাজনীতিত যোগদানৰ এক ইংগিত প্ৰদান কৰিছিল বুলি ধাৰণা কৰা হৈছিল।
সাক্ষাৎকাৰটোত গাংগুলীয়ে কৈছিল, "ৰাজনীতি বেয়া নহয়। আমাৰ দেশত কেইবাগৰাকীও সৰ্বশ্ৰেষ্ঠ নেতা আছে, যি দেশ খন চলায় আৰু আমাৰ জনসাধাৰণক প্ৰভাৱিত কৰে। ৰাজনীতি কিয় বেয়া হ'ব লাগে? ভাল মানুহ ৰাজনীতিত থাকিব লাগে, কাৰণ তেওঁলোকে প্ৰকৃততে আমাৰ জীৱন নিৰ্ধাৰণ কৰে। মই খৰখেদাকৈ সিদ্ধান্ত নলওঁ, মই এই সম্পৰ্কে চিন্তা কৰিম।"
উল্লেখ্য যে ভাৰতৰ কেইবাগৰাকীও প্ৰাক্তন ক্ৰিকেটাৰে ক্ৰিকেটৰ পৰা সন্যাস লোৱাৰ পাছত ৰাজনীতিত সক্ৰিয়ভাৱে যোগদান কৰিছিল। পোনপ্ৰথমে মনচুৰ আলী খান পাটাউদীয়ে আৰম্ভ কৰা এই পৰম্পৰা পিছলৈ এক স্বাভাৱিক প্ৰক্ৰিয়া হৈ পৰিছিল। ১৯৮৩ ৰ বিশ্বকাপ জয়ী ভাৰতীয় দলৰ সদস্য কীৰ্তি আজাদ, প্ৰাক্তন তাৰকা নৱজ্যোৎ সিং সিদ্ধু, আজাহাৰউদ্দিন, মনোজ প্ৰভাকৰ, গৌতম গম্ভীৰসহ আন কেইবাগৰাকীও প্ৰাক্তন ক্ৰিকেটাৰৰ নাম এই তালিকাত অন্তৰ্ভুক্ত হৈ আছে। অতি শেহতীয়াকৈ প্ৰাক্তন তাৰকা হৰভজন সিঙেও আম আদমী পাৰ্টিৰ হৈ পঞ্জাৱৰ পৰা ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত হৈছে। আনহাতে গাংগুলীৰ গৃহ ৰাজ্য বংগৰে আন এগৰাকী ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা ক্ৰিকেটাৰ মনোজ তিৱাৰীয়ে সম্প্ৰতি বংগৰ ক্ৰীড়ামন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আছে।
গতিকে এনে পটভূমিৰ পৰা চাবলৈ গ’লে গাংগুলীৰ ৰাজনীতি গমনৰ বিষয়টো অস্বাভাৱিক নহয়। অৱশ্যে বংগৰ মহাৰাজে এই সন্দৰ্ভত ভৱিষ্যতে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।
Leave A Comment