ডিজিটেল ডেস্কঃ এবছৰৰ পাছত টেনিছ নেটলৈ ঘূৰি অহাটো ছেৰেনা উইলিয়ামছৰ বাবে সুখৰ কথা নাছিল। সাতবাৰৰ চেম্পিয়নগৰাকীয়ে উইম্বলডনৰ আৰম্ভণিতে ল’লে বিদায়। ২৩টা গ্ৰেণ্ড শ্লেম জয় কৰা ৪০ বছৰীয়া ছেৰেনা অল ইংলেণ্ড ক্লাৱত প্ৰথম ৰাউণ্ডত পৰাস্ত হয়। তেওঁ বিশ্বৰ ১১৫ নম্বৰ স্থানত থকা ফ্ৰান্সৰ হাৰমনী টেনৰ হাতত পৰাস্ত হয়। ৩ ঘণ্টা ১০ মিনিটৰ যুঁজত পৰাজিত হয় প্ৰসিদ্ধ টেনিছ তাৰকা ছেৰেনা। টেনে ছেৰেনাক ৫-৭, ৬-১, ৬-৭ (৭-১০)ৰ ব্যৱধানত পৰাস্ত কৰে।
টেনিছ তাৰকাৰ শীৰ্ষ স্থানত থকা ছেৰেনা বৰ্তমান ৰেংকিঙ তালিকাৰ ১২০৪ নম্বৰত আছে। উইম্বলডনত ৱাইল্ড কাৰ্ড প্ৰৱেশ আছিল তেওঁৰ। তথাপি, অখ্যাত টেনেৰ সন্মুেখত থমকি ৰ’ল ছেৰেনাৰ ৰেকেট। মন কৰিবলগীয়া যে, এবছৰ ধৰি ক্ৰীজৰ পৰা বাহিৰত আছিল তেওঁ। খেলৰ প্ৰথমাৰ্দ্ধত ছেৰেনাৰ খেল দেখি তেনে অনুভৱ হোৱা নাছিল অনুৰাগীৰ। টেনিছ কিংবদন্তিগৰাকীয়ে চিনাকি ছন্দত উপস্থিত দৰ্শকক দিছিল চমক। ছেৰেনা আৰু টেনৰ মাজত যুঁজ হৈছিল তীব্ৰ প্ৰতিদ্বন্দ্বীতামূলক। কিন্তু শেষত ছেৰেনাই টেনৰ ওচৰত পৰাজয় স্বীকাৰ কৰিবলগীয়া হয়।
মেচখনৰ পিছত ছেৰেনাক প্ৰশ্ন কৰা হৈছিল যে, পুনৰ টেনিছ খেলা দেখা যাব নে তেওঁক? উইম্বলডনৰ পিছতে আছে ইউনাইটেড ষ্টেটছ অ’পেন। ছেৰেনাই কয়, ‘চাওক, ইউ এছ অ'পেনত মই মোৰ প্ৰথম শ্লেম জিকিছিলোঁ। এই টুৰ্ণামেণ্টটো মোৰ বাবে ছুপাৰ স্পেচিয়েল। মই ঘৰত খেলিবলৈ ইমানেই প্ৰেৰণা পাইছো। মই এই মুহূৰ্তটো উপভোগ কৰি আছো। চাওঁ কেনেকুৱা লাগে।কোনে জানে ক’ত গৈ জিৰণি লম!’
Leave A Comment