ডিজিটেল ডেস্কঃ মানচেষ্টাৰৰ ওল্ড ট্ৰেফৰ্ডত ঋষভ পণ্টে অকলেই প্ৰতিযোগিতাৰ ৰূপ সলাই পেলাইছিল। ৰুৰ্কীৰ ২৪ বছৰীয়া উইকেটৰক্ষক-বেটছমেনগৰাকীক আকৌ এবাৰ দুৰন্ত ছন্দত দেখিবলৈ পোৱা গ’ল। কেৰিয়াৰৰ প্ৰথমটো এদিনীয়া শতক লাভ কৰাৰ পাছত উচ্ছসিত হৈ পৰে ভাৰতীয় বেটছমেনগৰাকীয়ে।
মন কৰিবলগীয়া যে, পণ্টৰ শতকৰ ওপৰত নিৰ্ভৰ কৰিয়েই ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় এদিনীয়া মেচখনত সহজেই জয়লাভ কৰে ভাৰতে। মেচৰ অন্তত ২২ গজত শুনিবলৈ পোৱা গ’ল পণ্ট বন্দনা। পিছে ঋষভৰ এনে দৰ্শনীয় ইনিংছৰ নেপথ্যত পোহৰলৈ আহিছে বিশ্বকাপ বিজয়ী প্ৰাক্তন অলৰাউণ্ডাৰ যুৱৰাজ সিঙৰ নাম। যুৱৰাজ সিঙে নিজেই টুইট কৰি এই কথা প্ৰকাশ কৰিছে।
পণ্টৰ দৰ্শনীয় ইনিংছত বিমুগ্ধ যুৱৰাজ। যুৱৰাজে টুইটাৰত লিখিছে, ‘৪৫ মিনিটৰ কথা-বতৰাই স্বৰূপাৰ্থত কামত দিয়া বুলি মনে ধৰিছে! আপুনি যিদৰে ইনিংছৰ গতি বজাই ৰাখিলে, ই নিশ্চিতভাৱে প্ৰশংসাৰ যোগ্য।’ অর্থাৎ এই টুইটত যুৱৰাজে বুজাই দিছিল যে, মানচেষ্টাৰ মেচৰ পূর্বে পণ্ট-যুৱৰাজৰ ৪৫ মিনিটৰ কথা-বতৰা হৈছিল৷
স্বাভাৱিকতে, যুৱৰাজৰ সৈতে তৰুণ ক্ৰিকেটাৰগৰাকীৰ বাৰ্তালাপ হোৱা কথাটো ক্ৰিকেট বিশ্বৰ বাবে সুখবৰ। বিভিন্ন সময়ত আমি শচীন, ধোনীৰ দৰে অভিজ্ঞ তথা যুগজয়ী ক্ৰিকেটাৰৰ পৰা তৰুণ ক্ৰিকেটাৰ সকলে নানা পৰামৰ্শ লোৱা দেখিবলৈ পোৱা যায়। এইবাৰ যুৱৰাজ সিঙকো এগৰাকী পৰামৰ্শদাতাৰ ৰূপত দেখিবলৈ পোৱা গ’ল। ভাৰতীয় ক্ৰিকেটৰ বাবে এয়া এক সৰ্বজনগ্ৰাহ্য কথা।
Leave A Comment