• চাহালৰ স্পিন মেজিকত থমকি ৰ’ল ইংলেণ্ড, ভাৰতক প্ৰয়োজন ২৪৭ৰানৰ

    ক্ৰীড়া
    চাহালৰ স্পিন মেজিকত থমকি ৰ’ল ইংলেণ্ড, ভাৰতক প্ৰয়োজন ২৪৭ৰানৰ
    ডিজিটেল ডেস্কঃ প্ৰথম এদিনীয়া মেচখনৰ দৰেই ভাৰতীয় বলিং লাইন আপে প্ৰভাৱিতে কৰিলে দ্বিতীয় এদিনীয়াতো। পুনৰবাৰ আধিপত্য প্ৰদৰ্শন ভাৰতীয় স্পিনাৰ-পেচাৰৰ। ঐতিহাসিক লৰ্ডছত পুনৰ ভাৰতীয় বলাৰৰ চমকপ্ৰদ প্ৰদৰ্শন। অ’ভেলত যছপ্ৰীত বুমৰা-মহম্মদ ছামীৰ ছুইঙত দিশহাৰা হৈ পৰিছিল ইংলেণ্ডৰ বেটাৰসকল। এইবাৰ 'হোম অৱ ক্ৰিকেট' খ্যাত লৰ্ডছত স্পিন মেজিক দেখুৱালে  যুজবেন্দ্ৰ চাহালে। জছ বাটলাৰৰ ইংলেণ্ডে তেওঁৰ লেগ স্পিনৰ ওচৰত অসহায়ভাৱে আত্মসমৰ্পণ কৰা দেখিবলৈ পোৱা যায়। ৪৯ অ’ভাৰত ২৪৬ ৰানতে স্তব্ধ হৈ পৰে ইংলেণ্ডৰ ইনিংছ।

    বিপক্ষৰ শীৰ্ষ অৰ্ডাৰত তিনিগৰাকী মূল বেটছমেন জনী বেয়াৰষ্ট’, জো ৰুট আৰু বেন ষ্ট’কছক পেভেলিয়নৰ বাট দেখুৱায় চাহালে। ৪৮ ৰানত ৪টা উইকেট দখল কৰে চাহালে। ইফালে,  ২৮ ৰানত ২টা উইকেট দখল কৰে হার্দিক পাণ্ডিয়াই। প্ৰথম এদিনীয়াৰ নায়ক বুমেৰাহে ৪৯ ৰানত ২টা উইকেট দখল কৰে। এটাকৈ উইকেট দখল ছামী আৰু প্ৰসিদ্ধ কৃষ্ণাই।

    আনহাতে, ইংলেণ্ডৰ হৈ মঈন আলীয়ে সৰ্বাধিক ৪৭ ৰান সংগ্ৰহ কৰে। ডেভিড ৱাইলীৰ বেচৰ পৰা আহে ৪১ ৰান। দ্বিতীয় এদিনীয়াত জয়ী হৈ ছিৰিজ দখল কৰিবলৈ ভাৰতক প্ৰয়োজন ২৪৭ ৰানৰ।