--°C
Loading...
Listen to Article
2 min read
80%

জয়পুৰ : জয়পুৰত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। জয়পুৰৰ ঐতিহ্যক্ষেত্ৰ ১২শতিকাৰ আমেৰ পেচেলৰ সমীপত হোৱা বজ্ৰপাতত মৃত্যু হৈছে কমেও ১১জন লোকৰ। এই দুৰ্ঘটনাটোত আন ভালেমান লোক আঘাতপ্ৰাপ্ত হোৱা বুলিও জানিব পৰা গৈছে।ৰাজস্থানৰ ৰাজধানী চহৰখনৰ এই ঐতিহ্যক্ষেত্ৰৰ এটা ‘ওৱাটছ টাৱাৰ’ত উঠি এই লোকসকলে ছেলফী লৈ থকা অৱস্থাতে বজ্ৰপাতে তেওঁলোকৰ দেহত আঘাত কৰে।

বৰষুণ দি থকাৰ সময়তো আমেৰ পেলেচৰ সমীপত সেই সময়ত ভালেমান লোক সমবেত হৈ আছিল বুলি প্ৰকাশ পাইছে। এটা লোকসকলৰ বহুতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত ভয়তে ওৱাটছ টাৱাৰৰ পৰা তললৈ জপিয়াই দিয়াৰ ফলতো ভালেমান লোক আহত হয়। ওৱাটছ টাৱাৰটোত সেই সময়ত ২৭জন লোক থকাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

মুখ্যমন্ত্ৰী অশোক গেহলটে এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ ৫লাখকৈ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। আমেৰ পেলেচৰ উপৰি ৰাজ্যখনৰ আন স্থানতো বজ্ৰপাতত দেওবাৰৰ দিনটোত ৭টি শিশুসহ ভালেমান লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই লোকসকলৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ