--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেতা ইমৰান হাছমীৰ আজি জন্মদিন। আজি ৪৩ বছৰত ভৰি দিলে ইমৰাণে। বলীউডৰ আটাইতকৈ প্ৰতিভাশালী অভিনেতাসকলৰ মাজৰ এজন ইমৰান হাছমী। অভিনেতাজনে তেওঁৰ অভিনয়েৰে দৰ্শকৰ হৃদয়ত সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ইমৰানক ২০২১ চনত চেহৰে চলচ্চিত্ৰত দেখা গৈছিল। তেওঁৰ কিছুমান প্ৰকল্প সোনকালেই দৰ্শকৰ ওচৰলৈ আহি আছে। ১৯৭৯ চনৰ ২৪ মাৰ্চত মুম্বাইত জন্মগ্ৰহণ কৰা ইমৰানে আজি তেওঁৰ ৪৩সংখ্যক জন্মদিন উদযাপন কৰিছে। আজি তেওঁৰ জন্মদিনত আমি আপোনাক তেওঁৰ সৈতে সম্পৰ্কিত কেইটামান কথা ক'ম যিবোৰ বহুলোকেই নাজানে।

ইমৰানে তেওঁৰ নাম সলনি কৰিছিল

আপুনি জানেনে যে ইমৰানে এবাৰ তেওঁৰ নাম সলনি কৰি ফাৰহান হাছমী ৰাখিছিল কিন্তু পিছত তেওঁ পুনৰ তেওঁৰ নাম সলনি কৰি ইমৰান ৰাখিছিল।ইমৰানৰ পিতৃ এজন মুছলমান আৰু মাতৃ কেথলিক। ইমৰানক ভালপোৱাসকলে মৰমতে 'এমি' বুলি মাতে। ইমৰানৰ সম্পূৰ্ণ নাম ইমৰান আনোৱাৰ হাছমী।

বলীউডৰ এগৰাকী বিখ্যাত অভিনেত্ৰীৰ নাতি ইমৰাণ

খুব কম মানুহে জানে যে ইমৰানৰ আইতাক আছিল মহান অভিনেত্ৰী পূৰ্ণিমা। পৰিচালক মোহিত চুৰীও ইমৰানৰ সম্পৰ্কীয় মানুহ। মহেশ ভাট, আলিয়া ভাট, পূজা ভাট, মোহিত চুৰী ইমৰান হাছমীৰ আত্মীয় লোক।

পৰিচালনাৰ ক্ষেত্ৰতো হাত দিছে ইমৰানে

ইমৰান হাছমী কেৱল এজন দক্ষ অভিনেতাই নহয়, তেওঁ 'ৰাজ' চলচ্চিত্ৰখনৰ সহকাৰী পৰিচালকো আছিল, য'ত বিপাশা বসু আৰু ডিনো মোৰিয়া আছিল। ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন কৰিছিল।

এইখন চিনেমাই ৰিজেক্ট কৰিছিল ইমৰানক

ইমৰানে ২০০১ চনত 'ইয়ে জিন্দেগী কা চফৰ' চলচ্চিত্ৰৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰাৰ কথা আছিল কিন্তু নিৰ্মাতাসকলে তেওঁক ছবিখনৰ বাবে ৰিজেক্ট কৰিছিল কিয়নো তেওঁলোকে অনুভৱ কৰিছিল যে ইমৰান চৰিত্ৰটোৰ বাবে উপযুক্ত নহয়। তাৰ পিছত তেওঁ ২০০৩ চনত বিক্ৰম ভাটৰ থ্ৰিলাৰ ছবি 'ফুটপাথ'ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল।

পাৰ্টিতকৈ পৰিয়ালৰ সৈতে সময় কটায় বেছি ভালপায়

ইমৰান হাছমীয়ে এবাৰ স্বীকাৰ কৰিছিল যে তেওঁ পাৰ্টিবোৰত অতি সোনকালে আমনি পায়। তেওঁ পাৰ্টিলৈ যোৱাতকৈ পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটায় বেছি ভালপায়। এটা সময় আছিল যেতিয়া ইমৰান হাছমীৰ চলচ্চিত্ৰসমূহ কাহিনী আৰু অভিনয়তকৈ চুম্বনৰ দৃশ্যৰ বাবে আলোচনা কৰা হৈছিল। তেওঁক নাম দিয়া হৈছিল 'ছিৰিয়েল কিছাৰ'। এনে ধৰণৰ ইমেজ থকা স্বত্বেও ইমৰান হাছমীৰ ব্যক্তিগত জীৱনৰ বিষয়ে কোনো বিতৰ্কমূলক কথা শুনা নাযায়। আজিলৈকে কোনো নাৰীৰ সৈতে নাম সাঙুৰ খোৱা নাই অভিনেতাজনৰ। ইমৰান হাছমীয়ে তেওঁৰ পত্নী পাৰবীন চাহানীক খুব ভালপায়। ইমৰানে কৈছিল "আমাৰ সম্পৰ্কৰ সফলতাৰ আঁৰত মোৰ পত্নীৰ কৃতিত্ব আছে। ৰিল লাইফত মই যিয়ে নকৰো কিয়, মোৰ পত্নীয়ে মোৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখে।" ইমৰানে বিশ্বাস কৰে যে এক সফল দম্পতীৰ বাবে পুৰুষ আৰু মহিলাক সমান মৰ্যাদা দিয়াটো অতি গুৰুত্বপূৰ্ণ। ইমৰানৰ পত্নী এগৰাকী হিন্দু। ইমৰানে কয়, "স্বামী আৰু পত্নীৰ মাজত মুক্ত চিন্তা থকা উচিত। মই এজন মুছলমান কিন্তু মই কেতিয়াও মোৰ পত্নীক তেওঁৰ ধৰ্ম সলনি কৰিবলৈ কোৱা নাই। তেনে ধৰণৰ চিন্তা কৰা উচিত নহয়।" ইমৰান আৰু পাৰবীনৰ সংসাৰত আয়ান নামৰ এটি ১২ বছৰীয়া পুত্ৰ সন্তান আছে। আৰু পঢ়কঃ বিয়া পাতিলে বুলিয়ে স্বামীয়ে পত্নীৰ ওপৰত বলপূৰ্বক যৌন সম্ভোগ কৰাৰ লাইচেন্স লাভ নকৰেঃ উচ্চ ন্যায়ালয় PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ASMITA City Badminton League Set to Begin in Guwahati from 20th August
Lightning, Downpour, and Waterlogging: Guwahati Wakes Up to Stormy Morning
9 Unique Types of Water You Can Actually Drink – and What Makes Each Special
Happy Friendship Day 2025: Celebrating the Bonds That Unite Us
Kickstart Your Day with Ghee Water: A Time-Tested Wellness Ritual
India's Multi-Billion Dollar Chinese Money Laundering Syndicate