--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰীৰী খেলত পাৰদৰ্শী পুনম পাণ্ডে। পুৰুষক কিদৰে ভুলাব লাগে সেয়া ভালকৈ জানে পুনমে। শেহতীয়াকৈ এই কৌশলেই আয়ত্ত কৰিবলৈ মন মেলিছে কংগনা ৰানাৱটে। অল্ট বালাজী আৰু এমএক্স প্লেয়াৰ প্লেটফৰ্মৰ ৰিয়েলিটি শ্ব' 'লক আপ'ৰ পৰিচালনা কৰিবলৈ যাওতে এই ইচ্ছা প্ৰকাশ কৰিছে কণ্ট্ৰভাৰ্ছী কুইনগৰাকীয়ে। জানিবলৈ পোৱা মতে, ‘বিগ বস’ক টক্কৰ দিবলৈকে এই নতুন শ্বটোৰ আয়োজন কৰিছে প্ৰযোজক একতা কাপুৰে। বলীউডৰ বহু জনপ্ৰিয় তাৰকাই এই ৰিয়েলিটী শ্ব’ট অংশগ্ৰহণ কৰিছে। শ্ব’ চলাকালীন সময়ত পুৰুষৰ মন ভুলাবলৈ চেষ্টা কৰিছে পুনমে। সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, কংগনাই পুনমৰ এই কৌশল অত্যন্ত ভাল পাইছে। অনুষ্ঠানটো পৰিচালনা কৰিবলৈ যাওঁতে প্ৰশংসাৰে উপচাই দিছে পুনমক। পুনম যিদৰে পুৰুষ প্ৰতিযোগীসকলৰ মন ভুলাবলৈ যিধৰণৰ ছলা-কলাৰ আশ্ৰয় লৈছে তাত প্ৰভাৱিত কংগনা। সামাজিক মাধ্যমত জনপ্ৰিয় তাৰকাক 'হট' বুলিও অভিহিত কৰিছে কংগনাই। পুনমৰ এই প্ৰদৰ্শন তেওঁ নিজেই উপভোগ কৰা বুলি জনাইছে। অনুষ্ঠানটোৰ সময়ত কয় পুৰুষক ভুলোৱাৰ কৌশল এক প্ৰকাৰৰ কলা। সেই কথা মনত ৰাখিয়েই কংগনাই কয়, ‘প্ৰাচীন ভাৰতত মহিলাসকলক শিকোৱা চৌষট্টিটা কলাত পুৰুষক ভুলোৱাৰ কৌশলো অন্তৰ্ভুক্ত আছিল। প্ৰতিগৰাকী মহিলাই এই কলা শিকে। আপোনালোকেও এনে শিক্ষানুষ্ঠান খোলা উচিত।’ স্মৰ্তব্য যে, ১৭ ফেব্ৰুৱাৰীৰ পৰা অল্ট বালাজী আৰু এমএক্স প্লেয়াৰত 'লক আপ' দেখা গৈছে। মাত্ৰ ১৯ দিনতে, ৱেব পৃথিৱীৰ এই ৰিয়েলিটি শ্ব'টোৱে ১০০মিলিয়ন ভিউজ অতিক্ৰম কৰিছে। PCA Banner 2022