• ঘোৰ অপমান! কপিল শৰ্মা শ্ব’লৈ আহি শোক-খঙে ৰঙা-ছিঙা পৰি উভতিল স্মৃতি ইৰাণী

    মনোৰঞ্জন
    ঘোৰ অপমান! কপিল শৰ্মা শ্ব’লৈ আহি শোক-খঙে ৰঙা-ছিঙা পৰি উভতিল স্মৃতি ইৰাণী

    মুম্বাই: ছ’নী টিভিৰ জনপ্ৰিয় অনুষ্ঠান কপিল শৰ্মাৰ শ্ব’ত অংশ্ৰগ্ৰহণ কৰিবলৈ গৈ অপমানিত হ’ল কেন্দ্ৰীয় মন্ত্ৰী৷ প্ৰাক্তন অভিনেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীয়ে তেওঁ ৰচনা কৰা প্ৰথমখন উপন্যাস ‘লাল চালাম’ প্ৰচাৰৰ বাবে অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনাইছিল কপিল শৰ্মাই৷ কিন্তু অনুষ্ঠানটোত অংশ ল’বলৈ গৈ ষ্টুডিঅ’ৰ বাহিৰত নিৰাপত্তাৰক্ষীয়ে প্ৰৱেশ কৰাত বাধা আৰোপ কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক৷






    এই সন্দৰ্ভত স্মৃতি ইৰানীয়ে নিৰাপত্তাৰক্ষীক অৱগত কৰোৱাৰ পাছতো প্ৰৱেশৰ অনুমতি প্ৰদান নকৰাত খৰ্গগ্ৰস্ত হৈ উভতি যায়৷ এই ঘটনাৰ পৰৱৰ্তী সময়ত মন্ত্ৰীগৰাকীৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰে যদিও স্মৃতি ইৰানীয়ে উপস্থিত থাকিবলৈ অসন্তুষ্টি প্ৰকাশ কৰে৷ যাৰ বাবে কপিল শৰ্মাৰ শ্ব’ৰ দৃশ্যগ্ৰহণ বন্ধ ৰাখিবলগীয়া হয়৷






    প্ৰকাশিত খবৰ অনুসৰি, স্মৃতি ইৰানীৰ চেহেৰাৰ যথেষ্ট সলনি হোৱা হেতুকে নিৰাপত্তাৰক্ষীয়ে চিনি পোৱাত অসুবিধাৰ সৃষ্টি হ’ল৷ শেহতীয়াভাৱে স্মৃতি ইৰানী যথেষ্ট ক্ষীণ চেহেৰাৰ হোৱাৰ বাবে চিনিব নোৱাৰি বাধা আৰোপ কৰিলে নিৰাপত্তাৰক্ষীয়ে৷ উল্লেখ্য যে নিৰাপত্তাৰক্ষীজনে এই ঘটনাৰ পাছত ফোন বন্ধ কৰি কৰ্মস্থলীৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে৷