• শত্ৰু নাশ হ'বলৈ বগলামুখী মন্দিৰত তান্ত্ৰিক পূজা কৰিলে ৰাজ-শিল্পাই

    মনোৰঞ্জন
    শত্ৰু নাশ হ'বলৈ বগলামুখী মন্দিৰত তান্ত্ৰিক পূজা কৰিলে ৰাজ-শিল্পাই

    ডিজিটেল ডেস্কঃ পৰ্ণ’গ্ৰাফী গোচৰত ৰাজ কুন্দ্ৰাই জামিন লাভ কৰাৰ পাচত প্ৰথমবাৰৰ বাবে একেলগে দেখা গ'ল অভিনেত্ৰী শিল্পা ছেট্টী আৰু ৰাজ কুন্দ্ৰাক। দুয়ো হাঁহি হাঁহি মুকলিলৈ ওলাই আহিছে। এটি মন্দিৰত দুয়োকে সুখী অৱস্থাত দেখা পোৱা গ'ল। যোৱা কেইটামান মাহ দুয়োৰে বাবে অত্যন্ত কঠিন আছিল।যোৱা ১৯ জুলাইত ১১ জন লোকৰ সৈতে ৰাজক আৰক্ষীয়ে অশ্লীল চলচ্চিত্ৰ নিৰ্মাণৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। ছেপ্তেম্বৰত ৫০ হাজাৰ টকা আদায় দিয়াৰ পাচত মুম্বাইৰ আদালতে পৰ্ণ’গ্ৰাফী গোচৰত ৰাজ কুন্দ্ৰাৰ জামিন মঞ্জুৰ কৰিছিল। জামিন লাভৰ কেইদিনমান পিছত ৰাজে টুইটাৰ আৰু ইনষ্টাগ্ৰাম একাউণ্ট ডিলিট কৰিছিল।









    এই সমস্যাৰ পৰা সামান্য সকাহ পোৱাৰ পাছত ৰাজ আৰু শিল্পাই এতিয়া ভগৱানৰ শৰণাপন্ন হৈ সুখৰ সন্ধান কৰিব বিচাৰিছে। ভগৱানৰ আশিস লোৱাৰ উদ্দেশ্যেৰে কুন্দ্ৰা দম্পতী হিমাচলত প্ৰদেশৰ ধৰ্মশালাত থকা বগলামুখী মন্দিৰলৈ ৰাওনা হয়। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে দুয়োৰে ফটো। উল্লেখ্য যে দূৰদূৰণিৰ পৰা মানুহ বগলামুখী মন্দিৰলৈ তন্ত্ৰৰ উপাসনা কৰিবলৈ আহে। বিশ্বাস কৰা হয় যে বগলামুখী মন্দিৰলৈ আহি পূজা উপসনা কৰিলে জীৱনৰ দুখ-কষ্ট দূৰ হোৱাৰ লগতে শত্ৰু নাশ হয়। ইয়াত তন্ত্ৰৰ পূজা কৰা হয়।









    আৰু পঢ়কঃ অন্য যুৱকৰ সৈতে বিয়া বন্দৱস্ত; প্ৰেমিকাক ১৮ বাৰ ছুৰিকাঘাত প্ৰেমিকৰ





    জীৱনৰ পৰা সকলো শত্ৰু দূৰ কৰিবলৈ বগলামুখী মন্দিৰত সেৱা জনায় শিল্পা আৰু ৰাজে। মন্দিৰলৈ আহোতে উজ্জ্বল হালধীয়া ৰঙৰ ছেলৱাৰ পিন্ধাৰ লগতে কম প্ৰসাধন কৰা দেখা গৈছিল শিল্পাক। ৰাজয়েও হালধীয়া ৰঙৰ সাজ পৰিধান কৰিছিল। ৰাজ কুন্দ্ৰা কাৰগাৰত থকাৰ সময়তো মন্দিৰে মন্দিৰে দৌৰিছিল শিল্পা ছেট্টী। এইবাৰ মুখত এটি মিঠা হাঁহি লৈ স্বামীৰ সৈতে মন্দিৰলৈ আহে অভিনেত্ৰীগৰাকী। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে দুয়ো একেলগে থকা কেইবাখনো ফটো।