ডিজিটেল ডেস্কঃ অংকিতা শোৰে ভাৰতৰ এগৰাকী প্ৰসিদ্ধ মডেল। মাত্ৰ ২৭ বছৰ বয়সতে জনপ্ৰিয়তাৰ শিখৰ চুইছিল অংকিতাই। আনকি ছ'চিয়েল মিডিয়াতো অংকিতাৰ অনুৰাগীৰ সংখ্যাই দৃষ্টি কাঢ়িছে সকলোৰে। শেহতীয়াকৈ, ছচিয়েল মিডিয়াত ফটো পোষ্ট কৰি তেওঁ নিজেই প্ৰমাণ কৰি দিলে অংকিতাৰ উজ্জ্বল ছালৰ ৰহস্য।
স্মৰ্তব্য যে, অংকিতা শোৰে ২০১১ চনত ‘ফেমিনা মিছ ইণ্ডিয়া’ৰ খিতাপ জিকিছিল। অংকিতাৰ ৰূপক লৈয়ো প্ৰায়ে চৰ্চা হোৱা দেখা যায়। বেছিভাগ সময়ত, মেকআপ অবিহনেই ভাল লাগে অংকিতাক। অংকিতাৰ ছ'চিয়েল মিডিয়াৰ পৃষ্ঠাই ইয়াৰ প্ৰমাণ।
শেহতীয়াকৈ, অংকিতাই ইনষ্টাগ্ৰামত কেইবাখনো ফটো শ্বেয়াৰ কৰিছে। বাথটাবত গা ধুই থকা অৱস্থাত তোলা এই ফটোবোৰ এতিয়া হৈ পৰিছে ভাইৰেল। জানিবলৈ পোৱা মতে, নিশা শোৱাৰ পূৰ্বে নিমখৰ মিশ্ৰণৰে কুহুমীয়া গৰম পানীত ২০ মিনিট গা ধুৱে অংকিতাই। ইউৰোপৰ সাগৰৰ পৰা নিষ্কাষণ কৰা হয় এই নিমখ। অভিনেত্ৰীগৰাকীৰ ছাল অত্যন্ত সংবেদনশীল বাবে তেওঁ এই ধৰণৰ নিমখ ব্যৱহাৰ কৰে।
কৰ’নাসৃষ্ট পৰিৱেশত অংকিতাই একেলগে ক’ভিড আৰু ডেংগুত আক্ৰান্ত হৈছিল। অৱশ্যে, আৰোগ্য লাভৰ পাছত ছালৰ সমস্যাত ভুগিছিল মডেলগৰাকীয়ে। শেহতীয়াকৈ, নিজৰ এই ফটোবোৰ শ্বেয়াৰ কৰি আকৌ এবাৰ লাইমলাইটলৈ আহিছে অংকিতা।
Leave A Comment