ডিজিটেল ডেস্কঃ শেষবাৰৰ বাবে ২০১৮ চনত দেখা গৈছিল ছুপাৰষ্টাৰ ৰণবীৰ কাপুৰক। ব্লকবাষ্টাৰৰ ৰূপত পৰিণত হয় ৰণবীৰ কাপুৰৰ ‘সঞ্জু’ ছবিখন। শ্বাহৰূখ-অনুষ্কাৰ দৰে ৰণবীৰ মৌন হৈ আছিল বিগত তিনি বছৰ ধৰি। চলিত বৰ্ষত পুনৰ ৰূপালী পৰ্দালৈ ঘূৰি আহিছে তেওঁ। যদি সকলো ঠিকে থাকে তেন্তে ২০২২ চনটো হ’ব পাৰে ৰণবীৰৰ বাবে উল্লেখযোগ্য বছৰ। কাৰণ, এইবাৰ মুক্তি পাবলৈ গৈ আছে বহুল প্ৰত্যাশিত ছবি 'ব্ৰহ্মাস্ত্ৰ' আৰু 'ছামছেৰা' ।
ইয়াৰ পূৰ্বে ৰণবীৰৰ ‘ছামছেৰা’ লুকৰ এটা মোচন ভিডিঅ’ মুকলি কৰা হৈছিল যদিও তাত ৰণবীৰক দেখা পোৱা নগ’ল। পটভূমিত তেওঁৰ মাতটো শুনিবলৈ পোৱা গৈছিল, ‘কৰম ছে দকত, ধৰম ছে আজাদ’। অৱশ্যে, এইবাৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰণবীৰৰ ফাষ্ট লুক পোষ্টাৰ। য’ত তেওঁক অতি ভয়ংকৰ, ৰুঢ় ৰূপত দেখা গৈছে তেওঁক। অৱশ্যে, প্ৰডাকচন কোম্পানী যশৰাজ ফিল্মছে এই পোষ্টাৰ সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো মন্তব্য কৰা নাই। প্ৰসংগক্ৰমে ‘ছামছেৰা’ত এজন ডকাইতৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব ৰণবীৰক।
ইয়াৰ মাজতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰণবীৰৰ এই ‘ছামছেৰা’ লুক। এই ৰূপত দেখি মুগ্ধ হৈ পৰিছে নেটিজেন। ‘ছামছেৰা’ত ৰণবীৰ কাপুৰৰ চেহেৰা কিদৰে সলনি হৈছে সেয়া দেখি বহুতে স্তম্ভিত হৈ পৰিছে। যশৰাজ ফিল্মছৰ বেনাৰত পৰিচালনা কৰিছে কৰণ মালহোত্ৰাই। খবৰ অনুসৰি, ছবিখনত ব্ৰিটিছৰ পৰা নিজৰ অধিকাৰ আৰু স্বাধীনতাৰ বাবে যুঁজ দিয়া জনজাতিৰ এটা দলক চিত্ৰিত কৰা হৈছে। ২০২২ চনৰ ২২ জুলাইত মুক্তি পাব এই ছবিখন।
Leave A Comment