comScore
  • চিনেমাৰ যাদুকৰ এছ.এছ. ৰাজামৌলী!বাহুবলী,আৰআৰআৰকে ধৰি ১১খন চিনেমা নিৰ্মাণ,১১খনেই ছুপাৰহিট

    মনোৰঞ্জন
    চিনেমাৰ যাদুকৰ এছ.এছ. ৰাজামৌলী!বাহুবলী,আৰআৰআৰকে ধৰি ১১খন চিনেমা নিৰ্মাণ,১১খনেই ছুপাৰহিট
    ডিজিটেল ডেস্কঃ এছ.এছ. ৰাজামৌলী (S. S. Rajamouli) মানেই যেন চিনেমাৰ এক ধুমুহাৰ নাম। তেওঁ যতেই হাত দিছে তাতেই উঠিছে সফলতাৰ জোৱাৰ। বৰ্তমান এছএছ ৰাজামৌলীৰ ছবি আৰআৰআৰে বক্স অফিচত ঢৌ তুলিছে। ৪৮ বছৰীয়া তেলেগু পৰিচালক ৰাজামৌলীয়ে এতিয়ালৈকে ১১ খন চিনেমা নিৰ্মাণ কৰিছে আৰু সকলোবোৰ ছুপাৰহিট হৈছে। দক্ষিণ চলচ্চিত্ৰ উদ্যোগ হওঁক বা বলীউড হওঁক সকলোতে এছ এছ ৰাজামৌলীৰ নাম বিয়পি পৰিছে। বাহুবলী বোলছবিখনে তেওঁক বিশ্ববিখ্যাত কৰি তুলিলে। 

    ৰাজামৌলী তেওঁৰ শেহতীয়া মুক্তিপ্ৰাপ্ত ছবি আৰআৰআৰৰ বাবে এতিয়া চৰ্চাত আছে। জুনিয়ৰ এনটিআৰ, ৰাম চৰণ, আলিয়া ভাট আৰু অজয় দেৱগনৰ দৰে তাৰকাৰে সজ্জিত ছবিখনে মুক্তি পোৱাৰ লগে লগে যথেষ্ট ধন উপাৰ্জন কৰিছে, যিটো দেখি সকলোৱে আচৰিত হৈছে। ছবিখনে মুক্তিৰ পাছত প্ৰথম দুদিনতে প্ৰায় ৫৮০ কোটি টকাৰ বৃহৎ ব্যৱসায় কৰিছে। এয়া প্ৰথমবাৰৰ বাবে নহয় যে ৰাজামৌলীৰ ছবিখনে ইতিহাস সৃষ্টি কৰিছে। ৰাজামৌলী এজন পৰিচালক যাৰ নামটোৱে চলচ্চিত্ৰসমূহক হিট কৰি তোলে। 

    দেশৰ শীৰ্ষ পৰিচালকসকলৰ মাজৰ ৰাজামৌলী এনে এজন চলচ্চিত্ৰ নিৰ্মাতা যাৰ ছবি আজিলৈকে ফ্লপ হোৱা নাই|যেতিয়া তেওঁ ২১ বছৰ আগতে ছবি পৰিচালনাৰ পৃথিৱীত ভৰি দিছিল কোনেও কল্পনা কৰা নাছিল যে ভাৰতে দাদাচাহেব ফালকে, সত্যজিৎ ৰায়, গুৰু দত্ত, মৃণাল সেন, অদুৰ গোপালকৃষ্ণণৰৰ পাছত এছ এছ ৰাজামৌলীৰ দৰে এজন পৰিচালক পাব। এছ এছ ৰাজামৌলীক এতিয়া চলচ্চিত্ৰৰ যাদুকৰ হিচাপে জনা যায়। তেওঁৰ চলচ্চিত্ৰসমূহৰ কল্পনা আৰু কাহিনী কোৱাৰ ধৰণত দৰ্শকৰ মন মোহাচ্ছন্ন হৈ পৰিছে। 

    ইয়াৰ এটা উদাহৰণ ইতিমধ্যে বাহুবলীত দেখা গৈছে।কাহিনী, দৃশ্য, ইয়াৰ ভিএফএক্স ইমান সুন্দৰ আছিল যে কেৱল দেশেই নহয় বিদেশৰ লোকসকলও উন্মাদ হৈ পৰিছিল। অৱশ্যে ৰাজামৌলীয়ে সৰ্বশ্ৰেষ্ঠ উপায়েৰে কাহিনী কোৱাৰ কলা উত্তৰাধিকাৰী হিচাপে পাইছে। ৰাজামৌলীৰ পিতৃ কে ভি বিজয়েন্দ্ৰ প্ৰসাদ নিজে এজন বিখ্যাত পৰিচালক, লেখক। বিজয়েন্দ্ৰ প্ৰসাদে তেওঁৰ কেৰিয়াৰত মাগাধীৰা, বাহুবলী, বজৰংগী ভাইজান, মণিকৰ্ণিকা আৰু থালাইভিৰ দৰে বহুতো বিখ্যাত চলচ্চিত্ৰৰ কাহিনী লিখিছে। পিতৃৰ পৰা ৰাজামৌলীয়ে পৰিচালনা আৰু কাহিনী উপস্থাপন কৰাৰ মৌলিক বিষয়বোৰ শিকি এই ছবি পৰিচালনাৰ পৃথিৱীখনত আগবাঢ়ি গৈছে।