• পত্নীৰ অনুপস্থিতিত সুৰভিৰ কঁকালত হৰ্ষ লিম্বাচিয়াৰ হাত. মিঠুন-কৰণৰ মত ‘নকইনা নহয় সুৰভি’

    মনোৰঞ্জন
    পত্নীৰ অনুপস্থিতিত সুৰভিৰ কঁকালত হৰ্ষ লিম্বাচিয়াৰ হাত. মিঠুন-কৰণৰ মত ‘নকইনা নহয় সুৰভি’
    ডিজিটেল ডেস্কঃ কালাৰ্ছ টেলিভিছনৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' হুনৰবাজে ইতিমধ্যে সামাজিক মাধ্যমত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ আৰম্ভ কৰিছে। প্ৰায়সংখ্যক দৰ্শকেই অনুষ্ঠানটোক লৈ মুগ্ধ। এই ৰিয়েলিটি শ্বটোৱে ভাৰতৰ চুকে-কোণে থকা প্ৰতিভাক এখন মঞ্চ দিবলৈ সক্ষম হৈছে। এই ৰিয়েলিটি শ্বটোৰ বাবেই কালাৰ্ছ টেলিভিছনৰ টিআৰপি এতিয়া আকাশচুম্বী। ৰিয়েলিটি শ্বটো হোষ্ট কৰিছে জনপ্ৰিয় তাৰকা হৰ্ষ লিম্বাচিয়াই। স্মৰ্তব্য যে, কিছুদিন পূৰ্বে হৰ্ষ আৰু ভাৰতী পিতৃ-মাতৃ হৈছিল আৰু এই মুহূৰ্তত তেওঁলোক দুয়ো সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা দেখা গৈছে।

    হৰ্ষ লিম্বাচিয়া এই মুহূৰ্তত ছ’চিয়েল মিডিয়াত এগৰাকী জনপ্ৰিয় তাৰকা হৈ পৰিছে। তেওঁৰ অসাধাৰণ ষ্টেজ পাৰ্ফমেঞ্চে হওক বা হোষ্টিং কৌশল, মুঠতে সকলোৰে বাবে বিভিন্ন মঞ্চত জনপ্ৰিয়তা লাভ কৰিছে হৰ্ষ লিম্বাচিয়াই। পাছে বৰ্তমান সন্তানৰ লালন-পালনত ব্যস্ত ভাৰতীয়ে কৰ্মজীৱনৰ পৰা আঁতৰি আছে। সেয়েহে, ভাৰতীৰ স্থান পূৰণ কৰিবলৈ  অনুষ্ঠানটোত সহ-সঞ্চালক হিচাপে সুৰভি চন্দনাই আগভাগ লোৱা দেখা গৈছে। কিন্তু ৰিয়েলিটি শ্বৰ এটা ভিডিঅ' শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত অভিনেতা মিথুন চক্ৰৱৰ্তীয়ে অনুষ্ঠানটোৰ সঞ্চালক হৰ্ষ লিম্বাচিয়াৰ ওপৰত খং উঠা দেখা গৈছে। মিঠুনৰ খং উঠাৰ কাৰণো হেনো সুৰভি।আচলতে, হৰ্ষই সুৰভিৰ কঁকালত হাত থৈ বিচাৰকৰ সৈতে পৰিচয় কৰাই দিছিল। হৰ্ষৰ এই কাৰ্যকে সমালোচনাৰ দৃষ্টিৰে চাইছে মিঠুনে। আগলৈ এনেধৰণৰ কাৰ্যৰ পৰা বিৰত থাকিবলৈও হৰ্ষক সকিতয়াই দিছিল মিঠুনে।

     ইয়াৰ পাছত দুয়ো কৰণ জোহৰৰ ওচৰলৈ যায়। দুয়োকে দেখি কৰণ জোহৰে কয়. ‘সুৰভিক এনেৰে পৰিচয় কৰাই দিয়া হৈছে যেন ঘৰখনৰ ন-কইনাহে তেওঁ। হতবাক হৈ সুৰভীয়েও কৰণৰ সৈতে সুৰত সুৰ মিলাই ক’লে, ‘আচলতে ময়ো নাজানো, হৰ্ষৰ মোৰ সৈতে কিয় এনে ব্যৱহাৰ কৰিছে।’