comScore
  • গৰ্ভপাতৰ বাবে বাধ্য কৰাইছিল প্ৰখ্যাত পৰিচালকে…কংগনাৰ প্ৰশ্নবাণত বিস্ফোৰক এইগৰাকী অভিনেত্ৰী

    মনোৰঞ্জন
    গৰ্ভপাতৰ বাবে বাধ্য কৰাইছিল প্ৰখ্যাত পৰিচালকে…কংগনাৰ প্ৰশ্নবাণত বিস্ফোৰক এইগৰাকী অভিনেত্ৰী
    ডিজিটেল ডেস্কঃ বলীউড তাৰকা অভিনেতা-অভিনেত্ৰীৰ জীৱন কাহিনীয়ে অনুৰাগীক তৃপ্ত কৰে। বলীউডৰ দৰে বিশাল পৃথিৱীখনৰ পৰা প্ৰায়ে নানা ধৰণৰ খবৰ পোহৰলৈ আছে। প্ৰিয় তাৰকাৰ পৰা কিবা এক নতুনৰ আশাত  কাণ উনাই থাকে প্ৰতিজন অনুৰাগীয়ে। তাৰে মাজতে কিছুমান খবৰে জোকাৰি যায় সকলোকে। শেহতীয়াকৈ তেনে এক খবৰে দৃষ্টি আকৰ্ষণ কৰিছে অনুৰাগীৰ। এগৰাকী অভিনেত্ৰীক গৰ্ভপাত কৰাবলৈ বাধ্য কৰিছিল বলীউডৰ প্ৰখ্যাত পৰিচালকে। কংগনা ৰাণাৱটৰ 'লক আপ' অনুষ্ঠানত এনে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে মন্দানা কৰিমীয়ে। মন্দনাৰ কথা শুনি উচুপি উঠে কংগনা। শেহতীয়াকৈ, অনুষ্ঠানটোৰ এটা প্ৰ’মো ভিডিঅ' পোহৰলৈ অহাৰ পাছতে ছ’চিয়েল মিডিয়াত ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে ভিডিঅ’টো। 

    স্মৰ্তব্য যে, ২৭ ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল কংগনাৰ ৰিয়েলিটি শ্ব 'লক আপ'। এইবাৰ অনুষ্ঠানটোৰ অন্যতম প্ৰতিযোগী আছিল মন্দনা । কংগনা ৰাণাৱটে মন্দনাক নিজৰ জীৱনৰ সৈতে জড়িত গোপন ৰহস্য প্ৰকাশ কৰিবলৈ কৈছিল। সুযোগৰ উচিত ব্যৱহাৰ কৰি মন্দনাই কয়, ‘ বিবাহ বিচ্ছেদৰ পাছত বলীউডৰ এজন প্ৰখ্যাত পৰিচালকৰ সৈতে সম্পৰ্কত সাঙোৰ খাই পৰিছিলো। সেই পৰিচালকজনে মোক গৰ্ভপাত কৰাবলৈ বাধ্য কৰিছিল।’ এই ঘটনাৰ পাছত ভাগি পৰিছিল বুলিও জনায় মন্দানাই। কেৱল সেয়াই নহয় এই পুৰিচালক গৰাকীয়েই আকৌ ৰাজহুৱাভাৱে মহিলাৰ সুৰক্ষাৰ বিষয়ে ডাঙৰ ডাঙৰ কথা কোৱা বুলি সৰব হৈ পৰে মন্দানা।

    মন কৰিবলগীয়া যে, মন্দানাৰ জন্ম ইৰাণৰ তেহৰাণত। পিতৃ ইৰাণৰ হ’লেও মন্দানাৰ মাতৃ ভাৰতীয়। জীৱনৰ শৈশৱকালটো এটা ৰক্ষণশীল পৰিয়ালত অতিবাহিত কৰা মন্দানাৰ জীৱনত ঘটি যোৱা এই ঘটনাটো পোৱৰলৈ অহাৰ পাছত আৱেগিক কৰি তুলিছে তেওঁৰ অনুৰাগীক।