• ফটোখনত দেখা কণমানিজনী এতিয়া বলীউডৰ বিখ্যাত তাৰকা! কোন চিনি পাইছেনে?

    মনোৰঞ্জন
    ফটোখনত দেখা কণমানিজনী এতিয়া বলীউডৰ বিখ্যাত তাৰকা! কোন চিনি পাইছেনে?
    ডিজিটেল ডেস্কঃ বহুসময়ত চেলিব্ৰিটিসকলে ছ'চিয়েল মিডিয়াত এনে ফটো শ্বেয়াৰ কৰে য'ত তেওঁলোকক চিনাক্ত কৰা কঠিন হৈ পৰে। শেহতীয়াকৈ বলীউডৰ এগৰাকী বিখ্যাত অভিনেত্ৰীৰ ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। অধিকাংশ লোকেই ধৰিব পৰা নাই অভিনেত্ৰীগৰাকী কোন? আপুনি বাৰু চিনাক্ত কৰিব পাৰিছেনে?এই ভাইৰেল ফটোখনত আপুনি দেখিব যে এই মৰমলগা সৰু ছোৱালীজনীয়ে ৰঙা ৰঙৰ স্কাৰ্ট আৰু ধূসৰ ৰঙৰ টপ পিন্ধি আছে আৰু অলপকে চুলিও বান্ধিছে। 


    কণমানিজনীয়ে এগৰাকী মহিলাক নিজ হাতেৰে কেক খুৱাই থকা দেখা গৈছে।এই মৰমলগা সৰু ছোৱালীজনীৰ দুখন ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। এখন ছবিত তেওঁক বিচনাত আন এটা শিশুৰ সৈতে দেখা গৈছে আৰু তেওঁৰ সৈতে আৰু দুগৰাকী মহিলাক দেখা গৈছে। এই দুয়োখন ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে আৰু সকলোৱে এই অভিনেত্ৰীগৰাকীক চিনাক্ত কৰিবলৈ চেষ্টা কৰি আছে। 


    আপুনি এতিয়া ধৰিব পাৰিছেনে এই অভিনেত্ৰীগৰাকী কোন? যদি পৰা নাই একেবাৰে চিন্তা নকৰিব। আমি আপোনাৰ এই উৎসুকতা দূৰ কৰিম। এই অভিনেত্ৰীগৰাকী আন কোনো নহয়, বলীউডৰ 'দেশী গাৰ্ল' প্ৰিয়ংকা চোপ্ৰা। 


    এফালে প্ৰিয়ংকাৰ মাতৃ মধু চোপ্ৰা আৰু আনফালে আছে অভিনেত্ৰীগৰাকীৰ আইতাক(মাতৃ ফালৰ)। প্ৰিয়ংকা চোপ্ৰাই তেওঁৰ অ'ফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা ফটো দুখন শ্বেয়াৰ কৰিছে। ফটো দুখনত প্ৰিয়ংকাই অনুৰাগীৰ যথেষ্ট মৰম-আদৰ লাভ কৰিছে।