ডিজিটেল ডেস্কঃ সম্প্ৰতি বলিউডৰ এটা খবৰক লৈ ছ’চিয়েল মিডিয়াত তোলপাৰ লাগিছে। বলীউডৰ ভাইজান খ্যাত ছলমানে মিজৰ এটা শ্বৰ বাবে নিৰ্বাচন কৰিছে প্ৰয়াত সুশান্ত সিং ৰাজপুটৰ প্ৰাক্তন প্ৰেমিকাক। ভাইজানে অভিনেত্ৰীগৰাকীক এদিনৰ বাবে ৫কোটি টকা পাৰিশ্ৰমিক দিব বুলিও খবৰ ওলাইছে। এই খবৰ পোহৰলৈ অহাৰ পাছতে সকলোৰে মাজত হৈ চৈ লাগিছে। ছলমানক লৈ প্ৰশ্নও উঠা দেখা গৈছে।
দৰাচলতে, ছলমান খানৰ 'বিগ বছ -১৫' অতি সোনকালেই আৰম্ভ হোৱাৰ কথা। এই অনুষ্ঠানটোৰ প্ৰতিযোগী হিচাপে ৰিয়া চক্ৰৱৰ্তীক বিচাৰিছে ভাইজানে। আৰু অভিনেত্ৰীগৰাকীক বিগ বছৰ প্ৰতিটো খণ্ডৰ বাবে ৫ কোটি টকা পৰিশোধ কৰা হ'ব। অন্তত দুসপ্তাহৰ বাবে বিগ বছৰ ছেটলৈ অনা হ'ব ৰিয়াক।
খবৰ পোহৰলৈ অহাৰ পাছৰে পৰা, সুশান্ত সিং ৰাজপুটৰ অনুৰাগীসকলৰ মাজত যথেষ্ট হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। সকলোৱে এই বিষয়ে এতিয়া আলোচনা আৰম্ভ কৰিছে। প্ৰতিটো খণ্ডৰ বাবে বিগ বছে তেওঁক পৰিশোধ কৰা ধনৰ পৰিমাণৰ বিষয়েও চলিছে চৰ্চা। অৱশ্যে, বিগ বছৰ এই ছিজনত, অভিনেত্ৰীগৰাকীৰ বাহিৰে, আন বহুতো প্ৰতিযোগী থাকিব। তেওঁলোকৰ সকলোৰে দৰে, ৰিয়া চক্ৰৱৰ্তীকো বিভিন্ন ধৰণৰ কাম দিয়া হ'ব। আন প্ৰতিযোগীৰ দৰে ৰিয়াইয়ো কামটো সম্পূৰ্ণ কৰিব লাগিব। লক্ষণীয় যে, চলিত বৰ্ষৰ ২ অক্টোবৰৰ পৰা বিগ বছৰ পৰৱৰ্তী ছিজন আৰম্ভ হ'বলৈ গৈ আছে। বিগ বছৰ অগণন অনুৰাগীয়ে এতিয়া অধিৰ আগ্ৰহেৰে সেই দিনটোলৈ বাট চাই আছে।
Leave A Comment