North East
ৱাশ্বিংটনঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিষ্কাষণ বিমানত কেঁচুৱা ছোৱালী জন্ম দিয়ে এগৰাকী আফগান মহিলাই। মহিলাগৰাকীয়ে শনিবাৰে জাৰ্মানীৰ ৰামষ্টাইন এয়াৰ বেছত বিমানখন অৱতৰণ কৰাৰ কিছু মুহূৰ্তৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক স্থানান্তৰ বিমানত সন্তান জন্ম দিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এয়াৰ মোবিলিটি কমাণ্ডে দেওবাৰে এক টুইটাৰযোগে এই তথ্যৰ অৱগত কৰিছে।
মহিলাগৰাকীয়ে আফগানিস্তানে তালিবান অধিগ্ৰহণৰ কৰাৰ পাছত পলায়ন কৰোঁতে যাত্ৰাৰ দ্বিতীয় পৰ্যায়ত চি-১৭ পৰিবহণ বিমানত প্ৰসৱ বেদনাত ছটফটাইছিল বুলিও এয়াৰ মোবিলিটি কমাণ্ডৰে প্ৰকাশ কৰে।
বিমানখন ৰামষ্টাইন ঘাটিত মাটিত থকাৰ পাছত, বায়ু সেনাৰ ৮৬ সংখ্যক চিকিৎসা গোটৰ কৰ্মীয়ে চি-১৭ৰ কাৰ্গো বে'ত কেঁচুৱাটো প্ৰসৱ কৰাত সহায় কৰিছিল। পৰৱৰ্তী সময়ত কেঁচুৱা আৰু মাতৃক পৰ্যাপ্ত সুবিধাৰ বাবে ওচৰৰ চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছিল আৰু তেওঁলোকৰ অৱস্থা সম্প্ৰতি ভাল বুলি সামৰিক বাহিনীয়ে জানিবলৈ দিছে।
Leave A Comment