আমেৰিকাঃ সামাজিক মাধ্যমযোগে কৰ’না সংক্ৰান্তত ভুল বাৰ্তা প্ৰচাৰৰ বাবে মানুহ মৃত্যুৰ মুখত পৰিছে বুলি অভিযোগ মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ। আন্তঃৰাষ্ট্ৰীয় সংবাদগোষ্ঠী ‘বিবিচি’-এ সদৰী কৰা মতে, এগৰাকী সাংবাদিকে ফেচবুকত কৰ’না সংক্ৰমণ আৰু ক’ভিড প্ৰতিষেধক সম্পৰ্কে ভুল তথ্য প্ৰচাৰ কৰিছিল। বিষয়টোক কেন্দ্ৰ কৰি সম্প্ৰতি ক্ষুব্ধ হৈ পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি। সামাজিক মাধ্যমত প্ৰচাৰিত ভুল তথ্যই মানুহক বিভ্ৰান্ত কৰি তোলাৰ অভিযোগ জ’ বাইডেনৰ।
এনে অপ-প্ৰচাৰকাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰো সকীয়নি প্ৰদান কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। তেওঁ সদৰী কৰে যে, ‘ভুল তথ্য প্ৰচাৰৰ বাবে মানুহৰ মৃত্যু হৈছে। কৰ’নাক্ৰান্ত মৃতকৰ অধিকাংশ ব্যক্তিয়ে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰা নাই। ক’ভিড প্ৰতিষেধক গ্ৰহণ নকৰাসকলৰ বাবেই আমি এই মহামাৰী সমূলি নিৰ্মূল কৰিব পৰা নাই।’ জনস্বাস্থ্যৰ পৰিপন্থী ভুল তথ্যৰ প্ৰচাৰ এক আক্ৰমণাত্মক পদক্ষেপ বুলিও মন্তব্য কৰে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।
আনহাতে, ক’ভিড প্ৰতিষেধক গ্ৰহণ নকৰাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত মৃতকৰ সংখ্যা আৰু কৰ’না সংক্ৰমণ ব্যাপক হাৰত বৃদ্ধি পোৱা বুলিও প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ে।
Leave A Comment