• পুনৰ ৰক্তাক্ত নিউজিলেণ্ডঃ নিহত আক্ৰমণকাৰী আইএছ সমৰ্থক

    আন্তঃৰাষ্ট্ৰীয়
    পুনৰ ৰক্তাক্ত নিউজিলেণ্ডঃ নিহত আক্ৰমণকাৰী আইএছ সমৰ্থক

    নতুন দিল্লীঃ আফগান ভূমিত নহয় এইবাৰ নিউজিলেণ্ডত আইএছৰ দপদপনি। নিউজিলেণ্ডত পুনৰ সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। আক্ৰমণকাৰীৰ আক্ৰমণত ৰক্তাক্ত হৈ পৰিছে অকলেণ্ড। অকলেণ্ডৰ ছুপাৰমাৰ্কেটত ৬জন লোকক ছুৰিকাঘাত কৰে দুৰ্বৃত্তই। ছুৰিকাঘাত কৰা ৬জনৰ ভিতৰত ৩জনৰ অৱস্থা বৰ্তমান সংকটজনক। সম্প্ৰতি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আঘাতপ্ৰাপ্ত কেইজনক।





    অৱশ্যে, ঘটনা সংঘটিত হোৱাৰ পাছত আৰক্ষীৰ গুলীত আক্ৰমণকাৰীজন নিহত হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেনে আক্ৰমণকাৰীজনৰ মৃত্যুনিশ্চিত কৰিছে। এক সংবাদমেলযোগে তেওঁ কয়, ‘আক্ৰমণকাৰীজনে নিউজিলেণ্ডৰ নিৰীহ লোকসকলৰ ওপৰত বৰ্বৰ আক্ৰমণ চলাইছিল।’ কুখ্যাত অপৰাধীজন শ্ৰীলংকাৰ নাগৰিক বুলি জানিব পৰা গৈছে। বিগত ১০ বছৰ ধৰি নিউজিলেণ্ডত বাস কৰি আছিল অপৰাধীজনে। ভয়াৱহ আক্ৰমণৰ ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। মৰ্মান্তিক ঘটনাটোক কেন্দ্ৰ কৰি সৰ্বত্ৰে সমালোচনাৰ জোৱাৰ উঠিছে যদিও আইএছ-এ এতিয়ালৈকে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই।