• ৰেড জ’ন ভাৰত! ছীডনীলৈ হ্ৰাস হ’ব বিমান সেৱা

    আন্তঃৰাষ্ট্ৰীয়
    ৰেড জ’ন ভাৰত! ছীডনীলৈ হ্ৰাস হ’ব বিমান সেৱা

    ছীডনী : ভাৰতৰে বিমান যোগাযোগ হ্ৰাস কৰিব অষ্ট্ৰেলিয়াই। ভাৰতকে ধৰি আন কোভিড সংক্ৰমণৰ দিশৰ পৰা ‘ৰেড জ’ন’ত থকা দেশৰ পৰা দেশখনৰ নাগৰিকৰ প্ৰত্যাৱৰ্তনত লেকাম লগাবলৈ অগ্ৰসৰ হৈছে দেশখন। ভাৰতকে ধৰি সংক্ৰমণৰ দিশৰ পৰা আন বিপদজনক দেশৰ পৰা কোভিডৰ বিভিন্নধৰণৰ উৎপৰিৱৰ্তিত ৰূপ দেশখনত প্ৰৱেশ কৰাৰ আশংকাতে এনে কৰা হৈছে।





    আৰু পঢ়িব পাৰিব: আইপিএলৰ পৰা বাহিৰ হ’ল এগৰাকী তাৰকা খেলুৱৈ…





    আজি দেশখনে নিজৰ টিকাকৰণ অভিযানৰ সাল-সলনিৰ কথাও প্ৰকাশ কৰে। দেশখনে আৰোপ কৰা প্ৰতিবন্ধকতাৰ বাবে ভাৰতৰ পৰা ৩০শতাংশ পোনপটীয়া বিমানৰ সেৱা হ্ৰাস হ’ব। ভাৰতৰ পৰা ছীডনীলৈ যাবলগীয়া আৰু দেশখনৰ উত্তৰ অংশত অৱতৰণ কৰিবলগীয়া চাৰ্টাৰ্ড বিমানৰ ক্ষেত্ৰত এই প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে।





    আৰু পঢ়িব পাৰিব: ক’ভিড চিকিৎসাৰ বাবে সাজু জিএমচিএইচঃ অসুবিধাত নপৰে সাধাৰণ ৰোগীও





    প্ৰধানমন্ত্ৰী স্কট মৰিছনে এখন কেবিনেট বৈঠকৰ পাছত সাংবাদিকৰ আগত কয় যে, কেতিয়াৰপৰা এই প্ৰতিবন্ধকতা আৰোপ কৰা হ’ব সেই বিষয়ে ২৪ ঘণ্টাৰ আগতে প্ৰকাশ কৰা হ’ব বুলি প্ৰকাশ কৰিছে।