• প্ৰেমিকাৰ সৈতে টাইটানিক প’জ দিছিল প্ৰেমিকে! ভৰি পিচলি প্ৰেমিকৰ মৃত্যু,প্ৰেমিকা চিকিৎসাধীন

    আন্তঃৰাষ্ট্ৰীয়
    প্ৰেমিকাৰ সৈতে টাইটানিক প’জ দিছিল প্ৰেমিকে! ভৰি পিচলি প্ৰেমিকৰ মৃত্যু,প্ৰেমিকা চিকিৎসাধীন
    ডিজিটেল ডেস্কঃ 'টাইটানিক'(Titanic) চিনেমাখনৰ সেই আইকনিক প’জটো নিশ্চয় আপোনাৰ মনত আছে য’ত জেক আৰু ৰ'জ নামৰ প্ৰেমিক-প্ৰেমিকাহালে দুয়োখন হাত মেলি জাহাজখনৰ এটা মূৰত থিয় হৈ ৰোমাণ্টিক মুডত ডুব গৈছিল। এই প’জটো ইমানেই জনপ্ৰিয় যে বহু প্ৰেমিক-প্ৰেমিকাই এই প’জত ফটো তুলে আৰু আৰু বহু প্ৰেমিক-প্ৰেমিকাই সেই আইকনিক প’জটোত ফটো উঠাৰ সপোন পুহি ৰাখে। সাগৰত যেতিয়াই মানুহে জাহাজত উঠে তেতিয়া ফটোৰ বাবে এই প’জ দিবলৈ নাপাহৰে। তুৰস্কত এহাল প্ৰেমিক-প্ৰেমিকাই এনেধৰণৰ কাম কৰিবলৈ গৈ বৰ বেয়াকৈ এক দুৰ্ঘটনাত পতিত হ'ল। 

    তুৰস্কৰ উত্তৰ-পশ্চিম প্ৰদেশ কোকায়েলিত ‘টাইটানিক প’জ’ প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰা প্ৰেমিক-প্ৰেমিকাহালে ভাৰসাম্য হেৰুৱাই সাগৰত পৰিছিল। এই ঘটনাত প্ৰেমিকে হেৰুৱালে প্ৰাণ আৰু প্ৰেমিকা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ১৬ মে’ত মেৰিনা বন্দৰত মাছ ধৰি আছিল ২৩ বছৰীয়া ফুৰকান ইফ্টচি আৰু তেওঁৰ প্ৰেমিকা মাইন দিনাৰে। কিছু সময়ৰ পিছতে সাগৰৰ পাৰত টাইটানিক প’জ দিয়াৰ মন মেলে প্ৰেমিকযুগলে। কিন্তু ভবা মতে সেই ৰোমাণ্টিক প’জ দিব নোৱাৰিলে তেওঁলোকে। ভৰিৰ ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি দুয়ো সাগৰত পৰি যায়। 

    প্ৰত্যক্ষদৰ্শীয়ে এই দৃশ্য দেখা পাই যুৱতীগৰাকীক মাছ ধৰা ৰ'ডেৰে টানি উদ্ধাৰ কৰে। যুৱতীগৰাকীক এম্বুলেন্সেৰে চিকিৎসালয়লৈ লৈ যোৱা হয়। ডেৰ ঘণ্টা ধৰি অনুসন্ধান চলোৱাৰ অন্তত নিৰাপত্তাৰক্ষী বাহিনীয়ে উদ্ধাৰ কৰে প্ৰেমিক ফুৰকান ইফ্টচিৰ মৃতদেহ। যুৱতীগৰাকীয়ে আৰক্ষীক ঘটনাটোৰ সন্দৰ্ভত জনায় যে ''সেই সময়ত আমি মদ খাইছিলো আৰু তাৰ পিছতেই আমাৰ টাইটানিকৰ প’জ দিবলৈ ইচ্ছা জাগিছিল। সেই প’জ দিবলৈ গৈয়ে আমি ভাৰসাম্য হেৰুৱাই সাগৰত পৰিলোঁ। ভাগ্যক্ৰমে মই বাচিলো কিন্তু মোৰ প্ৰেমিকক চিৰদিনলৈ হেৰুৱালো।'' এই দুৰ্ভাগ্যজনক ঘটনাত সকলোৱে গভীৰ শোক প্ৰকাশ কৰিছে।

     
    indojawa88slot thailandsabung ayam onlinesv388sv388sabung ayam onlinesv388agen sabung ayamsitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamlive casino