• ঘৰুৱা উপায়েৰে সহজেই দূৰ কৰক মাইগ্ৰেইনৰ সমস্যা

    জীৱন শৈলী
    ঘৰুৱা উপায়েৰে সহজেই দূৰ কৰক মাইগ্ৰেইনৰ সমস্যা
    ডিজিটেল ডেস্ক
    ২০১৯ চনৰ এক অধ্যয়ন অনুসৰি, সমগ্ৰ ভাৰতত প্ৰায় ২১৩ নিযুত লোক মাইগ্ৰেইন ফলত তীব্ৰ বিষত ভুগি আছে।

    আয়ুৰ্বেদৰ মতে, মাইগ্ৰেইন সমস্যাৰ মূল কাৰণ হৈছে আমাৰ শৰীৰত হোৱা  আৰ্থ্ৰাইটিছ আৰু পিত্তৰ ভাৰসাম্যহীনতা । কিন্তু কিছু ঘৰুৱা তথা সহজ উপায়েৰে এই সমস্যাৰ পৰা সহজেই মুক্তি পাব পাৰি৷  
    মাইগ্ৰেইনৰ পৰা মুক্তি পাবলৈ  ৰাতি ১০ ৰ পৰা ১৫ ঘন্টা তিয়াই থোৱা  কিচমিচ  ৰাতিপুৱা সময়ত খাওঁক৷ 

     তদুপৰি মাইগ্ৰেইন প্ৰতিৰোধ কৰিবলৈ দুপৰীয়া বা ৰাতি শোৱা এঘণ্টা খোৱাৰ পিছত খাব পাৰে এক বিশেষ প্ৰণালীৰে প্ৰস্তুত কৰা  চাহ ৷এই চাহ  বনাবলৈয়ো  অতি সহজ। এক চামুচ জিৰা গুটি আৰু এটা  ইলাচী আধা গিলাচ পানীত তিনি মিনিট উতলাওক।

    আয়ুৰ্বেদৰ মতে, শৰীৰ আৰু মনত অতিৰিক্ত পিত্তৰ ভাৰসাম্য বজাই ৰাখিবলৈ ঘিউৰ বাহিৰে আন একোৱেই ভালদৰে কাম নকৰে। পৰামৰ্শ হৈছে চাউল বা পিঠাত এক চামুচ ঘিউ যোগ দি খালে মাইগ্ৰেইন দূৰতে থাকিব৷ 

    অৱশ্যে  ঘৰুৱা  উপায়েৰে মাইগ্ৰেইনৰ পৰা  অস্থায়ীভাৱে  সকাহ পালেও, স্থায়ী সমাধানৰ  বাবে আপুনি চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব।