• পিঁয়াজ ব্যৱহাৰ কৰি ঘৰতে এই তিনিটা সমস্যা সহজে দূৰ কৰিব পাৰি... জানেনে

    জীৱন শৈলী
    পিঁয়াজ ব্যৱহাৰ কৰি ঘৰতে এই তিনিটা সমস্যা সহজে দূৰ কৰিব পাৰি... জানেনে

    ডিজিটেল ডেস্ক : পিঁয়াজ অবহিনে
    খাদ্যৰ সোৱাদ অসম্পূৰ্ণ বুলি কোৱা হয়। সেয়েহে ভাৰতীয় লোকৰ প্ৰতিখন ঘৰতে সৰু-ডাঙৰ যিকোনো
    ব্যঞ্জনতে পিঁয়াজ ব্যৱহাৰ কৰা দেখা যায়। অৱশ্যে এইবোৰৰ বাহিৰেও ঘৰৰ বহু কামত পিঁয়াজ
    ব্যৱহাৰ কৰিব পাৰি। পিঁয়াজৰ সহায়ত পাকঘৰ, বাথৰুম আৰু বাগিচাৰ মৌলিক সমস্যাবোৰ সমাধান
    কৰিব পাৰি। লগতে পিঁয়াজে বহুতো ৰোগ নিৰাময়ৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
    সেয়েহে জানো আহকচোন পিঁয়াজৰ উপকাৰিতাসমূহৰ বিষয়ে।



     ১. পিঁয়াজে উদ্ভিদক পোক-পৰুৱাৰ
    পৰা ৰক্ষা কৰে-



    গছ-গছনিত হোৱা পোক-পৰুৱা নাশত পিঁয়াজ
    অতি ফলপ্ৰসূ। সেয়েহে গছ-গছনিৰ পৰা পোক-পৰুৱা নোহোৱা কৰিবলৈ এটা পিঁয়াজ কাটি এচামুচ
    বেকিংছ’ডা আৰু একাপ পানীৰে পিহি এটা স্প্ৰে প্ৰস্তুত কৰি লওঁক আৰু গছ-গছনিত স্প্ৰে
    কৰক। দেখিব এনে কৰাৰ ফলত গছ-গছনিত থকা পোক-পৰুৱাবোৰ নোহোৱা হৈ পৰিছে।



     ২. পিঁয়াজে বাথৰুমত হোৱা কীট-প্ৰতংগ নোহোৱা কৰে-



    পিঁয়াজৰ এনে বহুতো গুণ আছে যিবোৰ
    আমি বহুতেই নাজানো। যদি আপুনি বাথৰুমৰ ড্ৰেইনৰ পৰা অহা পোক-পৰুৱা আৰু মাখিৰ বাবে চিন্তিত,
    তেন্তে পিঁয়াজে আপোনাক সেইবোৰৰ পৰা মুক্তি পোৱাত সহায় কৰিব পাৰে। ইয়াৰ বাবে মাত্ৰ
    এটা পিয়াঁজ ৩-৪ টুকুৰা কৰি ড্ৰেইনৰ চাৰিওফালে পেলাই দিয়ক। পিঁয়াজৰ গোন্ধত পোকবোৰ
    নলাৰ পৰা লাহে লাহে নোহোৱা হৈ পৰিব।



    ৩. চৰ্দি ৰোধ কৰাত পিঁয়াজ সহায়ক-



    পিঁয়াজৰ সোৱাদ গৰম বাবে চৰ্দি
    আৰু জ্বৰৰ পৰা সহজে উপশম দিব পাৰে। ইয়াৰ উপৰি ই আপোনাক যিকোনো ৰোগৰ সংক্ৰমণৰ পৰা
    ৰক্ষা কৰি শৰীৰক ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে।