• আৰ্থিক সমস্যাৰ পৰা সকাহ পোৱাৰ এইকেইটা সহজ উপায়, জানি লওক কি কি

    জীৱন শৈলী
    আৰ্থিক সমস্যাৰ পৰা সকাহ পোৱাৰ এইকেইটা সহজ উপায়, জানি লওক কি কি

    ডিজিটেল ডেস্ক : অপ্ৰয়োজনীয়ভাৱে
    টকা খৰচ কৰা, সঘনাই টকা হেৰাই থকা বা সদায় টকাৰ অভাৱ হোৱা, এইবোৰ সমস্যা বহুতৰে জীৱনত
    ঘটে। মাহ শেষ হোৱাৰ আগতে বহুতৰে পকেট খালী হৈ পৰে। এই ধনৰ অভাৱে তেওঁলোকৰ জীৱনলৈ বহু
    সমস্যাৰ সৃষ্টি কৰে। গতিকে জ্যোতিষশাস্ত্ৰ অনুসৰি আৰ্থিক সমস্যা কেনেধৰণে সমাধান কৰিব
    পাৰি জানো আহক।



     * যদি প্ৰয়োজনতকৈ অধিক টকা খৰচ
    হয় আৰু মাহৰ বেছিভাগ সময় পাৰ্চটো খালী হৈ থাকে, তেন্তে ডেৰ ইঞ্চি দীঘল আৰু এক ইঞ্চি
    বহল ৰূপৰ এটা টুকুৰা মহালক্ষ্মীৰ মন্ত্ৰৰে জপ কৰি সেউজীয়া কাপোৰ এখনেৰে মেৰিয়াই পাৰ্চত
    ৰাখক। ইয়াৰ ফলত অপ্ৰয়োজনীয় খৰচ বন্ধ হোৱাৰ লগতে ধনৰ আগমনৰ নতুন নতুন পথ মুকলি হ’ব।



     * যদি ৰাহু ৰাশিফলত বেয়া অৱস্থা
    আছে বা ৰাহুৰ মহাদশ চলি আছে, তেন্তে তেনে ব্যক্তি নিচাৰ প্ৰতি আসক্ত হৈ পৰে। আনকি তেওঁ
    নিচা ত্যাগ কৰিব নোৱাৰে আৰু তেওঁৰ ধন-সম্পত্তি অপচয় হয়। এনে অৱস্থাত ৰাহুৰ শান্তিৰ
    বাবে শনিবাৰে উপবাস থকাৰ লগতে কাউৰীক মিঠা ৰুটি খুৱালে উপকৃত হ’ব আৰু আৰ্থিক সমস্যাৰ
    সমাধান হ’ব।



     * ৰাহুৰ বেয়া অৱস্থাত বহুত খৰচ
    হয় আৰু মানুহক দুখীয়া কৰি তোলে। ইয়াৰ পৰা হাত সাৰিবলৈ মহাদেৱক দৈনিক পূজা-অৰ্চনা
    কৰক। অতি সোনকালে সকাহ লাভ কৰিব আৰু আৰ্থিক পৰিস্থিতিৰ উন্নতি হ’ব।