• পোছাকৰ স’তে সংলগ্ন এটা পাত্ৰ, পানীভৰ্তি পাত্ৰটোত ৰঙ-বিৰঙি মাছ লৈ ৰেম্পত খোজ কাঢ়িলে মডেলে! ভাইৰেল হৈ পৰিল ভিডিঅ’, ক’ত?

    জীৱন শৈলী
    পোছাকৰ স’তে সংলগ্ন এটা পাত্ৰ, পানীভৰ্তি পাত্ৰটোত ৰঙ-বিৰঙি মাছ লৈ ৰেম্পত খোজ কাঢ়িলে মডেলে! ভাইৰেল হৈ পৰিল ভিডিঅ’, ক’ত?
    ডিজিটেল ডেস্কঃ পেৰিছ ফেশ্বন উইকত জীৱন্ত পখিলা পিন্ধি ৰেম্পত খোজ কাঢ়িছিল মডেলসকলে। ফিক্সড ফেশ্বনৰ বাহিৰত ড্ৰেছমেকাৰৰ এই নতুন ধাৰণাটোৱে বহুতৰে হৃদয় জয় কৰিছিল।

    এইবাৰ সেই চিন্তাৰ ছাঁ চেন্নাইত অনুষ্ঠিত ফেশ্বন শ্ব’ত দেখা গ’ল। মডেলগৰাকীয়ে জলপৰীৰ দৰে সাজ-পোছাক পিন্ধি পেটৰ সন্মুখত এটা ঘূৰণীয়া পাত্ৰত জীয়া মাছ লৈ ফুৰে।

    ছ’চিয়েল মিডিয়াত মডেলগৰাকীৰ ভিডিঅ’ বিয়পি পৰাৰ লগে লগে আৰম্ভ হ’ল হুলস্থুল। কিছুমানে এই নতুন ধাৰণাটোক প্ৰশংসা কৰিছে। বহুতে এই ধাৰণাক লৈ চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে। এজন ব্যক্তিয়ে লিখিছে, "জীৱ-জন্তু-চৰাই-পোক-পৰুৱাৰ সৈতে এনে শিশুসুলভ খেল বন্ধ কৰক।"