• ফেংছুইৰ মতে সকলো শুভৰ প্ৰতীক ধূপ

    জীৱন শৈলী
    ফেংছুইৰ মতে সকলো শুভৰ প্ৰতীক ধূপ
    ডিজিটেল ডেস্কঃ ফেংছুইৰ মতে ঘৰৰ ভিতৰত নানান কাৰণত অশুভ শক্তিয়ে প্ৰৱেশ কৰিব পাৰে। তেনে অশুভ শক্তিক ঘৰৰ বাহিৰলৈ উলিয়াই পঠিওৱাত সহায় কৰে ধূপ আৰু সুগন্ধিয়ে।তাহানিৰ দিনৰে পৰাই সুগন্ধই মানুহক আকৰ্ষণ কৰি আহিছে। দুৰ্গন্ধই যিদৰে মানুহৰ মন বিষাক্ত কৰি তোলে, সুগন্ধই আকৌ ইয়াৰ বিপৰীতে মানুহৰ মন সতেজ তথা প্রফুল্লিত কৰি তোলে। 

    সেইবাবে ফেংছুইয়ে ঘৰত সুগন্ধ বিয়পাই দিব পৰা ধূপৰ ব্যৱহাৰ কৰিবলৈ বিধান দিছে। ধূপ হৈছে সকলো শুভ ফলৰ প্ৰতীক। ধূপে বিলাই দিয়া সুগন্ধই ঘৰৰ পৰিৱেশ সুন্দৰ কৰি তোলে।

     ইয়াৰ উপৰি ধূপৰ পৰা নিৰ্গত ধোঁৱাই ঘৰৰ ভিতৰত থকা অশুভ শক্তিক ঘৰৰ বাহিৰ কৰি দিব পাৰে। সেইবাবে নিতৌ পুৱা-গধূলি ধূপ জ্বলাব লাগে। ঘৰৰ পৰিৱেশটো কিবা কাৰণত গোমা হৈ থাকিলেও সেই পৰিৱেশ সলনি কৰাৰ বাবে ধূপ জ্বলাব পাৰি। 

    ফেংছুইৰ মতে ঘৰৰ চুকবোৰত অশুভ শক্তিয়ে বাহ বান্ধে। সেয়ে তেনে অশুভ শক্তিক ঘৰৰ বাহিৰ কৰি দিবলৈ ধূপ জ্বলাব লাগে। ধূপৰ সুগন্ধই তেনে অশুভ শক্তিসমূহৰ প্ৰভাৱ নাশ কৰি ঘৰলৈ সুখ-শান্তি আনি দিব পাৰে ।