• কেনে যাব ছেপ্তেম্বৰ মাহৰ প্ৰথম দিনটো? চাওঁ আহক ৰাশিফল

    জীৱন শৈলী
    কেনে যাব ছেপ্তেম্বৰ মাহৰ প্ৰথম দিনটো? চাওঁ আহক ৰাশিফল
    ১ ছেপ্তেম্বৰ, বৃহস্পতিবাৰ, ২০২২


    মেষ ৰাশি – দিনটো মধ্যমীয়া, কোনোৱে প্ৰতাৰণা কৰিব পাৰে। কিন্তু কৰ্মক্ষেত্ৰত সফল হ'ব। আৰ্থিক দিশতো ভাল দেখা যায়। শিক্ষার্থীসকলৰ বাবে কোনো ভাল সংবাদ আহিব।

    বৃষৰাশি – সামাজিক কামৰ পৰা সন্তুষ্টি লাভ কৰিব। সন্মান বৃদ্ধি হ’ব। অমীমাংসিত কামবোৰ সম্পূৰ্ণ কৰিবলৈ অসাৱধান নহ’ব। নিযুক্তি প্ৰাপ্ত লোকৰ দৰমহা বৃদ্ধি হ’ব পাৰে।

    মিথুনৰাশি – আজিৰ দিনটো এক সুখময় দিন হব। ভাল কামৰ বাবে সন্মানিত হব। সৎ বন্ধুৰ পৰা সহায় পাব। ভ্ৰমণৰ সম্ভাৱনা আছে।

    কৰ্কটৰাশি – নতুন ব্যৱসায়ৰ বাবে ডাঙৰ পৰিকল্পনা কৰিব পাৰে। দিনটো শুভ। শিক্ষার্থী সকলে কিছুমান নতুন কৌশল আয়ত্ব কৰাৰ সুবিধা পাব। ঘৰত বিয়া ওলোৱাৰ যোগ।

    সিংহ ৰাশি – এক ডাঙৰ সমস্যাৰ সমাধান হব। সম্পত্তিৰ মীমাংসা হব। ক্ৰোধৰ অধীন নহবলৈ চেষ্টা কৰিব, কাৰোবাৰ সৈতে মনোমালিন্য হোৱাৰ সম্ভাৱনা।

    কন্যা ৰাশি-  দিনটো বৰ এটা ভাল নহয়। যাত্ৰা পৰিহাৰ কৰক। কোনো ভাল কাম হাতত নোলোৱাই শ্ৰেয়। উপাৰ্জনৰ দিশ শক্তিশালী, সঞ্চয় ভাল হ'ব।

    তুলা ৰাশি – কথাৰ মধুৰতাই প্ৰেমৰ সম্পৰ্ক গাঢ় কৰিব। শিক্ষাৰ্থী সকলৰ বাবে দিনটো ভাল। সাহিত্য আৰু কলাক্ষেত্ৰৰ সৈতে জড়িত সকলে ভাল সুযোগ পোৱাৰ যোগ।

    বৃশ্চিক ৰাশি –  পাৰিবাৰিক কামবোৰ সম্পূৰ্ণ কৰিবলৈ দ্বিধা নকৰিব। কাৰ্যালয়ত দক্ষতা প্ৰৱৰ্তন কৰিব। ব্যৱসায়ৰ অস্থিৰতা নাইকিয়া হ’ব। আনৰ সমস্যাত নিজকে জড়িত নকৰিব।

    ধনু ৰাশি –  যাত্ৰাৰ সম্ভাৱনা। খৰছ বৃদ্ধি পাব পাৰে। নিজকে সংগঠিত আৰু শৃংখলাবদ্ধ কৰি ৰাখিব। উচ্চ পদস্থ বিষয়াসকলৰ সৈতে অযথা তৰ্ক নকৰিব।

    মকৰ ৰাশি-  আজিৰ দিনটো এক আনন্দদায়ক দিন হিচাপে প্ৰমাণিত হ’ব। কোনো বিশেষজনৰ পৰা উপহাৰ পাব। বিবাহিত জীৱনত প্ৰেম বৃদ্ধি হ’ব। ভ্ৰমণৰ যোগ। 

    কুম্ভৰাশি – মনৰ কথা খুলি কবলৈ শিকক, অন্যথা আজি মানসিক কষ্টত ভুগিব পাৰে। দূৰ যাত্ৰাৰ সম্ভাৱনা। প্ৰিয় বন্ধুৰ সংগ লাভ কৰিব। খৰছ কিছু বৃদ্ধি পাব। 

    মীন ৰাশি – ব্যৱসায়-সম্পৰ্কীয় লেনদেনত অনিয়মৰ বাবে সমস্যা হ’ব পাৰে। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নৰ বিষয়ে অসাৱধান হ’ব। পাৰিবাৰিক দিশত মধ্যমীয়া।