• আজিৰ দিনটো কেনে যাব জানিব বিচাৰেনে? চাওক ৰাশিফল

    জীৱন শৈলী
    আজিৰ দিনটো কেনে যাব জানিব বিচাৰেনে? চাওক ৰাশিফল
    ৪ ছেপ্তেম্বৰ ২০২২, দেওবাৰ

    মেষ – হঠাতে ধন পোৱাৰ যোগ আছে। লেনদেনত সাৱধান হ’ব। খং-ৰাগৰ ওপৰত নিয়ন্ত্ৰণ কৰক ৷ প্ৰেমৰ বতৰা পাব। আলহী আহিলে শুভ হ'ব।

    বৃষ -কোনেৱে আগবঢ়োৱা প্ৰস্তাৱ প্ৰথমে ভালদৰে বুজি লওক অন্যথা লোকচান হ’ব পাৰে। উপাৰ্জন বৃদ্ধি হ’ব পাৰে। মাতৃৰ শুভ। 

    মিথুন – কিছুমান ভাল সুযোগ আহিব পাৰে। নতুন লোকক লগ পোৱাটোও এটা শুভ কাৰক হ’ব। প্ৰতিভাৰ প্ৰশংসা হ’ব।  অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷ 

    কৰ্কট – সময়মতে কামবোৰ সম্পূৰ্ণ কৰাত সফল হ’ব। ধন সম্পৰ্কীয় কামত সফলতা থাকিব পাৰে। প্ৰেমত শুভ। অযথা বিতৰ্কত নোসোমাব। 

    সিংহ – এলাহ ভাব পৰিহাৰ কৰক ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷আপুনি জ্যেষ্ঠসকলৰ সহায়ত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব।

    কন্যা – ধন ক্ষেত্ৰত লাভৰ স্থিতি আছে। কথাৰ প্ৰভাৱ থাকিব। সৌন্দৰ্ চৰ্চাত মনোযোগ দিয়ক ৷ কাৰোবাৰ প্ৰেমত পৰাৰ সম্ভাৱনা।

    তুলা – ধৈৰ্য ধৰক। পুৰণি ইচ্ছাৰ প্ৰতি আসক্ত হৈ পৰিব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ কৰ্ম স্থানত সন্মান লাভ কৰিব। 

    বৃশ্চিক – অপ্ৰয়োজনীয় কামত ধন ব্যয় কৰা হ’ব পাৰে। নতুন চাকৰিৰ বাবে ভাল সুযোগ আহিব। শিক্ষাৰ্থীৰ বাবে মধ্যম। প্ৰেমত শান্তি।

    ধনু – কামবোৰ সম্পূৰ্ণ কৰাত প্ৰত্যাহ্বান থাকিব পাৰে। প্ৰতিদ্বন্দ্বীসকল সক্ৰিয় হৈ থাকিব আৰু ক্ষতিও কৰিব পাৰে। কঠোৰ পৰিশ্ৰমৰ ফল লাভ।

    মকৰ – সম্পদৰ ক্ষেত্ৰত অন্ধভাৱে বিশ্বাস কৰিলে ধন হেৰুওৱাৰ লগতে সমস্যা হ’ব পাৰে। মন পছন্দৰ কাৰ্যই আনন্দিত কৰিব ৷ প্ৰেমসংগীক লগ পাব। 

    কুম্ভ -ধৈৰ্যসহকাৰে কাম কৰিব লাগিব। খং আৰু অহংকাৰ পৰিহাৰ কৰক। কাৰোৰে লগত বাদ-বিবাদ নকৰিব। পৰিয়ালৰ শুভ।

    মীন – উপাৰ্জনতকৈ অধিক টকা খৰচ কৰা পৰিহাৰ কৰিব। ধন পোৱা সম্ভাবনা আছে। কামত বিশেষ সফলতা আহিব। ভ্ৰমণৰ সুযোগ পাব।