• ৰাশিফল চাই জানো আহক কেনে যাব আপোনাৰ আজিৰ দিনটো

    জীৱন শৈলী
    ৰাশিফল চাই জানো আহক কেনে যাব আপোনাৰ আজিৰ দিনটো

    ০৭ ছেপ্তেম্বৰ ,বুধবাৰ,২০২২

    মেষ: আত্মবিশ্বাস বাঢ়িব। মনৰ আনন্দ বৃদ্ধি। স্বাস্থ্যত শুভ। ভ্ৰমণ সাৱধানে কৰিব।

    বৃষ: সামাজিক সক্ৰিয়তা বৃদ্ধি পাব। পৰকীয়া প্ৰেমত লিপ্তসকলৰ মানহানি। আৱেগ বৰ্জন কৰক।

    মিথুন : কৃতিত্ব লাভৰ যোগ। কোনো কথাত ধৈৰ্য্যৰ প্ৰয়োজন হ’ব। প্ৰদূষণে কষ্ট দিব পাৰে। কুকুৰ-বান্দৰৰ পৰা সাৱধান।

    কৰ্কট : খং, ক্ষোভ, চঞ্চলতা এৰাই চলক। মধুমেহ, ৰক্তচাপ বৃদ্ধি হ’ব পাৰে। প্ৰতিৱেশীৰ পৰা কষ্ট পাব। 

    সিংহ : সুনাম, কৃতিত্বৰ লাভৰ যোগ। কাম-কাজত বেমেজালি আঁতৰিব। শুভ ৰং কমলা। সমাজৰ কামত দৃঢ়তা।

    কন্যা : আশা পূৰণৰ সংকেত। আনক আপদ বুলি নধৰিব। শুভ ৰং গোলাপী। সংঘাত আঁতৰিব। জুইৰ পৰা সাৱধান।

    তুলা : গুপ্ত শত্ৰু পৰাভূত হ’ব। মাংগলিক চিন্তাত ব্ৰতী। আলহীৰ সমাগম। ৰোগৰ ভয় দূৰ হ'ব। প্ৰেমত সংঘাত।

    বৃশ্চিক : সমস্যা সমাধানত আত্মীয়ৰ সংযোগ। আলহীৰ সমাগম। খৰচ বৃদ্ধি। প্ৰেমত চঞ্চলতা।

    ধনু : কৰ্মত অনামনা নহ’ব। সুস্থিৰ চিন্তাত ব্ৰতী থাকক। শুভ ৰং মেৰুণ। মিছা নক’ব। ভ্ৰমণৰ যোগ।

    মকৰ : বস্তুবাদী লোকে জনপ্ৰিয়তা হেৰুৱাব পাৰে। আনক প্ৰশংসা কৰক। বিদ্যাত আনন্দ।

    কুম্ভ : অনেক জ্ঞানৰ সুযোগ পাব।কোনো মাংগলিক কৰ্মত যোগদান। ৰাজনৈতিক সচেতনতা বৃদ্ধি। মাতৃৰ শুভ।

    মীন : মনত কোনো চঞ্চলতা আৰু উদাস ভাব নাৰাখিব। বাহিৰা বস্তু খালে স্বাস্থ্য বেয়া হ'ব।  প্ৰেমত শান্তি।