• আজি মঙলবাৰ! দিনটো কেনে যাব? ৰাশিফল চাওঁ আহক

    জীৱন শৈলী
    আজি মঙলবাৰ! দিনটো কেনে যাব? ৰাশিফল চাওঁ আহক
    ১০ অক্তোবৰ ২০২৩,  মঙলবাৰ 

     
    ১. মেষ ৰাশি (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, কৰ্মক্ষেত্ৰত সামান্য পৰিৱৰ্তন আহিব পাৰে যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ'ব। 

    ২. বৃষ ৰাশি( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলে আজিৰ দিনটোত  সজাগ নহ'লে ঘৰুৱা কৰ্মত সামান্য অশান্তি বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ'লে সামান্য ব্যৱসায়িক দিশত ক্ষতি  হোৱাৰ যোগ দেখা যায়।

    ৩. মিথুন ৰাশি ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত বন্ধুৰ সহায় লাভ কৰিব, বন্ধু বাঢ়িব, লগতে আজি আপোনাৰ সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

    ৪. কৰ্কট ৰাশি( ড,হ) : - কৰ্কট ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত উন্নতি হ'ব, কৰ্মব্যস্ততা বাঢ়িব, লগতে আজি আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত শুভ  হোৱাৰ যোগ দেখা যায়।

    ৫. সিংহ ৰাশি (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলে আজিৰ দিনটোত কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব, কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে মনৰ উৎসাহ সামান্য হ্ৰাস হোৱাৰ যোগ দেখা যায়। 




    ৬. কন্যা ৰাশি (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ধন সন্মান লাভ হ'ব, লগতে আজি আপোনাৰ ভ্ৰমণৰ ক্ষেত্ৰত সুখ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়। 

    ৭. তুলা ৰাশি (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব, মনত সামান্য হতাশা বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

    ৮. বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত
    ধন সম্পত্তি বাঢ়িব, অৰ্থৰ আগমন ঘটিব, লগতে আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ কৰিব । 

    ৯. ধনু ৰাশি (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব। 

    ১০. মকৰ ৰাশি (খ,জ):  - মকৰ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মদক্ষতা বাঢ়িব, আৰ্থিক দিশত শুভ হ'ব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়। 

    ১১. কুম্ভ ৰাশি (গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, মনৰ আশা পূৰণ হ'ব যদিও আজি আপুনি যাত্ৰা বা ভ্ৰমণ ক্ষেত্ৰত সজাগ  হোৱাটো ভাল হ'ব। 

    ১২. মীন ৰাশি ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হ'ব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য অশান্তি বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ'লে সামান্য মিছা অপবাদ পোৱাৰ যোগ দেখা যায়।