• আজি ধনতেৰাছ! দিনটোৰ ৰাশিফল চাওঁ আহক

    জীৱন শৈলী
    আজি ধনতেৰাছ!  দিনটোৰ ৰাশিফল  চাওঁ আহক
    ১০ নৱেম্বৰ ২০২৩। শুকুৰবাৰ

    মেষ :  পৰিয়ালত নজৰ দিব। ব্যৱসায়ত চাপ বাঢ়িব পাৰে। ভ্ৰমণৰ যোগ আছে। বাধাৰ মাজতো অগ্ৰগতি লাভ কৰিব। কাকো ধাৰ নিদিব।

    বৃষ : আৰ্থিক উন্নতিৰ যোগ। দাম্পত্য জীৱনত কাজিয়া বাঢ়িব পাৰে। ব্যৱসায়ত অগ্ৰগতিৰ শুভ যোগ আছে। সন্তানৰ শুভ। পাবলগীয়া পইচা পাব।

    মিথুন : প্ৰেমত শুভ ফল লাভ। ভূমি কিনা–বেচাৰ বাবে ভাল সময়। আধ্যাত্মিকতাত আগ্ৰহ বাঢ়িব। আলহী আহিব। খৰচ নিয়ন্ত্ৰণ হ'ব।

    কৰ্কট : দ্বিধা–দ্বণ্ড ত্যাগ কৰি সিদ্ধান্ত ল’ব লাগিব। ব্যৱসায়ত লাভৰ সম্ভাৱনা। চোৰৰ পৰা সাৱধান। কুকুৰৰ পৰা দূৰত থাকক। আজি ৰূপ ক্ৰয় কৰক।

    সিংহ : সংযমী হোৱা প্ৰয়োজন। ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত শান্তি বৰ্তি থাকিব। পুৰণি বন্ধুক লগ পাব।  খৰচ বাঢ়িব। 

    কন্যা : সৃজনশীল কামত শান্তি লাভ কৰিব। সংসাৰত অশান্তি বাঢ়িব পাৰে। কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ আছে। কথা ভাবি-চিন্তি ক'ব। আজি কাকো ধাৰ নিবিচাৰিব।

    তুলা : দাম্পত্য জীৱনত শান্তি বৰ্তি থাকিব। কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। শৰীৰৰ শুভ। আশা পূৰণ। আয় বাঢ়িব।




    বৃশ্চিক : কৰ্মত উন্নতিৰ সম্ভাৱনা। মানসিক অস্থিৰতা বাঢ়িব। সাংসাৰিক অশান্তি বৃদ্ধিৰ সম্ভাৱনা আছে। মাতৃক লৈ চিন্তা। টকা-পইচাৰ একো লেনদেন নকৰিব।

    ধনু :ব্যৱসায় আৰু কৰ্মত উন্নতি। অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা আছে। নতুন গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰিব পাৰে। সন্তানকলৈ চিন্তা বাঢ়িব। মা লক্ষীক সেৱা কৰক।

    মকৰ : পৰোপকাৰ কৰি শান্তি লাভ কৰিব পাৰে। বিচক্ষণ ব্যক্তিৰ পৰামৰ্শত কৰ্মত উন্নতিৰ সূচনা হ’ব। প্ৰেমত মধুৰতা। খৰচ কমিব। ধনতেৰাছৰ চাকি জ্বলাব।

    কুম্ভ : অতিৰিক্ত অৰ্থ লাভৰ আশা নকৰাই ভাল। ব্যয় বাঢ়িব পাৰে। শাৰীৰিক অসুস্থতাই দেখা দিব পাৰে। কাৰোবাক দিবলগীয়া টকা দিবলৈ চেষ্টা কৰক, ধনতেৰাছৰ পাছত দিব।

    মীন : কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা। অৰ্থপ্ৰাপ্তিৰ যোগ আছে। স্বাস্থ্যক লৈ সতৰ্ক হওক।
    ব্যৱসায়ত চাপ বাঢ়িব পাৰে। ভ্ৰমণৰ যোগ আছে। বাধাৰ মাজতো অগ্ৰগতি লাভ কৰিব। মা লক্ষী, গণেশ আৰু কুবেৰৰ নামত চাকি জ্বলাব।