• আজি বৃহস্পতিবাৰ! দিনটো কেনে যাব? চাওঁ আহক ৰাশিফল

    জীৱন শৈলী
    আজি বৃহস্পতিবাৰ! দিনটো কেনে যাব? চাওঁ আহক ৰাশিফল

     ২৬ অক্তোবৰ ২০২৩, বৃহস্পতিবাৰ

    মেষ ৰাশি: আত্মবিশ্বাস বাঢ়িব। কামৰ ক্ষেত্ৰখনৰ পৰিৱৰ্তন হ’ব পাৰে। বিদেশ ভ্ৰমণৰ সুযোগ পাব পাৰে। কথা-বতৰাত ভাৰসাম্য ৰক্ষা কৰক। ব্যৱসায়ৰ বাবে বহিঃৰাজ্যলৈ যোৱাৰ সম্ভাৱনা আছে। শুভ সংখ্যা ৫ আৰু শুভ ৰং সেউজীয়া।

    বৃষ ৰাশি: আপোনাৰ আৰ্থিক অৱস্থা পূৰ্বতকৈ ভাল হ’ব। কৰ্মসংস্থাপন বিচৰা লোকসকলেও আৰু কিছু সময়ৰ বাবে চিন্তা কৰিব লাগিব। পাৰিবাৰিক দিশত কিছু চিন্তিত হোৱাৰ সম্ভাৱনা আছে। শুভ সংখ্যা ৫ আৰু শুভ ৰং ৰঙা।

    মিথুন ৰাশি: আজি আপোনাৰ কাৰণে এটা মিশ্ৰিত দিন হ’বলৈ গৈ আছে। আপোনাৰ বুজাবুজিৰে যিকোনো ডাঙৰ অসুবিধাৰ পৰা সহজেই ওলাই আহিব পাৰি। ব্যৱসায় দিশত শুভ। শুভ সংখ্যা ৭ আৰু ৰং বগা।

    কৰ্কট ৰাশি: আজি দিনটো আপোনাৰ অসুবিধাৰ মাজেৰে পাৰ হ’ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ ছাত্ৰ-ছাত্ৰীয়ে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। শুভ সংখ্যা ৮ আৰু শুভ ৰং সেউজীয়া।

    সিংহ ৰাশিৰ: আজি আপোনাৰ প্ৰতিপত্তি বৃদ্ধিৰ দিন হ’ব। কাৰোবাক টকা ধাৰলৈ দিলে আপোনাৰ টকা আবদ্ধ হৈ পৰিব পাৰে। শুভ সংখ্যা ৮ আৰু শুভ ৰং গুলপীয়া।

    কন্যা ৰাশি: আজি দিনটোত আপোনাৰ কথা-বতৰাত কিছু সাৱধানতা অৱলম্বন কৰক। মনৰ যিকোনো ইচ্ছা পূৰণৰ বাবেই আপুনি ধৰ্মীয় যাত্ৰা কৰিব পাৰে। বিদ্যাত শুভ। শুভ সংখ্যা ৫ আৰু শুভ ৰং ৰঙা।

    তুলা ৰাশি: কৰ্মক্ষেত্ৰত বেছি খৰখেদা নকৰিব, এনে কৰিলে ডাঙৰ ভুলৰ সৃষ্টি হ’ব পাৰে। ব্যৱসায়ত স্বাভাৱিক লাভ। পাৰিবাৰিক দিশত শুভ। শুভ সংখ্যা ৯ আৰু শুভ ৰং বগা।

    বৃশ্চিক ৰাশি: আজি আপোনালোকৰ বাবে এটা ভাল দিন হ’বলৈ গৈ আছে। আপোনাৰ লক্ষ্য সফল হোৱাৰ পথত। শিক্ষাৰ্থী সকলৰ বাবে শুভ। শুভ সংখ্যা ৬ আৰু শুভ ৰং বেঙুনীয়া।
     
    ধনু ৰাশি – ধৈৰ্য্য ধৰিবলৈ চেষ্টা কৰক। ব্যৱসায়ত লাভৰ সুযোগ থাকিব। অত্যধিক খং পৰিহাৰ কৰক। বৈবাহিক সুখ বাঢ়িব পাৰে। শুভ সংখ্যা ৪ আৰু শুভ ৰং বগা।

    মকৰ ৰাশি – যিকোনো পূৰ্বপুৰুষৰ সম্পত্তিৰ বাবে বিবাদৰ পৰিস্থিতি হব পাৰে। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। পাৰিবাৰিক অশান্তিৰ মাজতে দিনটো পাৰ হোৱাৰ সম্ভাৱনা আছে। শুভ সংখ্যা ৮ আৰু শুভ ৰং বেঙুনীয়া।

    কুম্ভ ৰাশি – সচেতন হওক আৰু অত্যধিক খং পৰিহাৰ কৰক। শিশুৰ পৰা ভাল খবৰ পাব পাৰে। পাৰিবাৰিক দায়িত্ব বাঢ়িব পাৰে। বিদ্যাত শুভ। শুভ সংখ্যা ১ আৰু শুভ ৰং বগা।

    মীন ৰাশি – আজি আপোনাৰ বাবে এটা বিশেষ দিন যিটোৰ বাবে আপুনি ইমান দিন চিন্তিত আছিল আজি সেইটো আপুনি পাব পাৰে। কৰ্মক্ষেত্ৰত শুভ। শুভ সংখ্যা ৪ আৰু শুভ ৰং নীলা।