• তুলাৰ কিছু চিন্তা, কুম্ভৰ সুনাম! কেনে যাব আপোনাৰ আজিৰ দিনটো

    জীৱন শৈলী
    তুলাৰ কিছু চিন্তা, কুম্ভৰ সুনাম! কেনে যাব আপোনাৰ আজিৰ দিনটো
    ৩০ আগষ্ট, মঙলবাৰ, ২০২২


    মেষ ৰাশি – আপুনি কৰ্মক্ষেত্ৰত আজি এটা ভাল খবৰ পাব পাৰে। জীৱন সন্দৰ্ভতো সতৰ্কতা অবলম্বন কৰি পদক্ষেপ গ্ৰহণ কৰিলে আপোনাৰ দিনটো ভাল হ'ব।

    বৃষ ৰাশি – বন্ধুৰ সহায় পাব লগতে পুৰণি বন্ধু লগ পাই মনতো আনন্দ পাব। ক্ৰোধ নিয়ন্ত্ৰণত ৰাখক আৰু কাৰ্যালয়ৰ প্ৰত্যেকৰে সৈতে ভাল ব্যৱহাৰ কৰক।

    মিথুনৰাশি – অৰ্থনৈতিক দিশটো শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি কোনো ব্যক্তিকে টকা ধাৰ দিছে তেন্তে আপুনি আজি সেই টকা ঘুৰাই পোৱাৰ আশা আছে।

    কৰ্কট ৰাশি- আৰ্থিক সংকটে দেখা দিব পাৰে,কিন্তু ঘৰৰ কোনো লোকে টকা পইচাৰে সহায় কৰি বিপদৰ পৰা উদ্ধাৰ কৰিব। প্ৰিয়জনৰ সৈতে তৰ্ক বিতৰ্ক হব পাৰে, ক্ৰোধ সম্বৰণ কৰিব।

    সিংহ ৰাশি – যিকোনো পদক্ষেপ লোৱাৰ আগতে সাৱধানতাৰে চিন্তা চৰ্চা কৰিব । সামাজিক অনুষ্ঠানত উপস্থিত হোৱাৰ সুযোগ পাব লগতে সন্মানিত হোৱাৰ সম্ভাৱনা।

    কন্যা ৰাশি- ধৈৰ্য্য বজাই ৰাখি নিজকে আত্ম – প্ৰকাশ কৰিব লাগিব । এই ৰাশিচক্ৰৰ শিশুৰ আজি খেলাধুলাত দিন কটালে আঘাতৰ সম্ভাবনা থাকিব।

    তুলা ৰাশি – জীৱন সংগীৰ স্বাস্থ্যই কিছু চিন্তাত পেলাব পাৰে। চাকৰিৰ সম্ভাবনাই ইতিবাচক ফল দিব । আৰ্থিকভাবে, আপুনি সবল থাকিব।

    বৃশ্চিক ৰাশি – মনোবল বৰ্তাই ৰাখি আপুনি কঠিন কাম কৰিব পাৰিব। পেটৰ অসুখে কিছু সমস্যাত পেলাব পাৰে। আজি অৰ্থ উপাৰ্জনৰ অসংখ্য সুযোগ পাব।

    ধনু ৰাশি – আজি আপুনি আপোনাৰ আবেগ নিয়ন্ত্ৰণ কৰিব আৰু যিমান পাৰে আপুনি ভয় নাখাবলৈ চেষ্টা কৰিব । কৰ্মাক্ষেত্ৰত কিছু কঠোৰ পৰিশ্ৰম কৰিব লাগিব।

    মকৰ ৰাশি- নিজৰ কাম আনৰ হতুৱাই নকৰিব , লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা। কাৰোবাৰ পৰা আকৰ্ষণীয় আমন্ত্ৰণ পাব আৰু উপহাৰো লাভ কৰাৰ যোগ আছে। 

    কুম্ভ ৰাশি – কৰ্মক্ষেত্ৰত সুনাম হব, আপোনাৰ কৰ্মৰাজি আজি আপোনাৰ পক্ষত থাকিব । আজি জীবন সংগীৰ সৈতে ভ্ৰমণৰ যোগ । প্ৰেমৰ মাজেৰে দিনটো পাব হব। 

    মীন ৰাশি – প্ৰেমৰ ক্ষেত্ৰত বেদনাই আজি আপোনাক শুবলৈ নিদিব । ঘৰত কোনো অনুষ্ঠানৰ আয়োজনৰ কাৰণে আপোনাৰ আজি প্ৰচুৰ অৰ্থ ব্যয় হব পাৰে ।