ডিজিটেল ডেস্কঃ আজি ৮ ডিচেম্বৰ,শুকুৰবাৰ৷জানো আহক আজিৰ দিনটোৰ ৰাশিফল-
১. মেষ ৰাশি (অ,ল) : - মেষ
ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম কৌশল আয়ত্ব কৰিবলৈ সক্ষম হব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত আত্মীয় পৰিয়ালৰ বা চিনাকি ব্যক্তিৰ দ্বাৰা সামান্য বাধাৰ সন্মুখীন হব পাৰে, সামান্য মানসিক ক্লেষ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত সজাগ নহ'লে মনত সামান্য কষ্টৰ পাৱলগীয়া হ'ব পাৰে লগতে আজি খেতিয়ক সকলেও সামান্য কষ্টৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
৩.মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব যদিও আজি আপুনি চোৰ ,ঠগ প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ'ব লগতে আজি আপুনি সজাগ নহ'লে ভ্ৰমণত সামান্য বিঘিনিৰ সৃষ্টি যোগ দেখা যায়।
৪.কৰ্কট ৰাশি(ড,হ) : - কৰ্কট ৰাশিৰ জাতক - জাতিকাসকলৰ সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য খেলিমেলি হ'ব পাৰে, লগতে আজি আপুনি শত্ৰুৰ পৰা অপকাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
৫.সিংহ ৰাশি (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভাল সংবাদ লাভ কৰিব, প্ৰেমত শুভ, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব পাৰিব, লগতে আজি সমাজ কৰ্মী সকলে ৰাজহুৱা কৰ্মত নিজকে ব্যস্ত ৰাখিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি(প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, ভাল বন্ধু লাভ কৰিব যদিও আজি আপোনাৰ মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭.তুলা ৰাশি (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সম্পত্তি বাঢ়িব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ শুভ বুলি কব পাৰি। যদিও আজি আপুনি কৰ্মত সফলতা আনিবলৈ আগতকৈ অলপ বেছি কষ্ট কৰিবলগীয়া হ'ব পাৰে।
৮.বৃশ্চিক ৰাশি(ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ , ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ'ব পাৰিব, পুলিচ প্ৰশাসনৰ লগত জড়িত ব্যক্তি সকলৰ বাবে আজিৰ দিনটোত শুভ হ'ব, যদিও আজি আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সজাগ হোৱাটো ভাল হ'ব।
৯.ধনু ৰাশি(ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মানসিক অশান্তি সৃষ্টি হ'ব পাৰে যদিও আজি ছাত্ৰ ছাত্ৰী সকলৰ ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০.মকৰ ৰাশি(খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সিদ্ধি লাভ কৰিব,মনত আনন্দ বাঢ়িব, যদিও আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবৈ চেষ্টা কৰাটো ভাল হ'ব।
১১.কুম্ভ ৰাশি(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত ভ্ৰমণত শুভ হ'ব, লগতে আজি আপোনাৰ আনন্দ মনে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।
১২.মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, ভাল খবৰ লাভ কৰিব যদিও আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
Leave A Comment