ডিজিটেল ডেস্কঃ খাদ্য খোৱাৰ সময়ত কেতিয়াবা খাদ্য পৰি যোৱাৰ ফলত কাপোৰত হালধিৰ দাগ লাগিব পাৰে৷ কেতিয়াবা আহাৰ খোৱাৰ পিছত হাতৰ নখতো হালধিৰ দাগ ৰৈ যায়৷ কেতিয়াবা খাদ্য কাৰ্পেটত পৰাৰ ফলতো হালধিৰ দাগ লাগিব পাৰে। কাঁচ, কাঠ, কাপোৰৰ পৰা হালধীয়া দাগ আঁতৰাবলৈ সৰল ঘৰুৱা উপায় আছে।
১) বাচন-বৰ্তনত হালধীয়া দাগ লাগিলে
বেকিং চডা আৰু পানীৰে ডাঠ মিশ্ৰণ এটা বনাওক।
মিশ্ৰণটো হালধীয়া ৰং পৰা ঠাইত ১৫ মিনিটৰ বাবে লগাই থওঁক। তাৰ পিছত ঠাই খিনি হাতেৰে ঘঁহি থাকক।
এইবাৰ চাবোন পানীত তিয়াই থোৱা কাপোৰেৰে সেয়া পৰিষ্কাৰ কৰক।
পিছত আপুনি বাচনবোৰ শুকান কাপোৰেৰে মচিব পাৰে।
২) কাৰ্পেটত হালধিৰ দাগ লাগিলে
কাৰ্পেটত হালধিৰ দাগ থকা ঠাইখিনি শুকান বেকিং চডাৰে ডাঠকৈ ঢাকি দিয়ক। পাঁচ মিনিটৰ বাবে তেনেদৰে থাকিবলৈ দিয়ক।
যেতিয়া বেকিং চডাৰ ৰং সলনি হয়, ইয়াক আঁতৰাই পেলাওঁক৷
এইবাৰ চাবোন পানীত দাগ থকা অংশটো তিয়াই থৈ পৰিষ্কাৰ কৰক।
৩) নখত হালধিৰ দাগ লাগিলে
হাত আৰু নখৰ হালধিৰ দাগবোৰ আঁতৰাবলৈ এটা ঘৰুৱা পদ্ধতি আছে। নেমুৰ ৰস আৰু বেকিং চডাৰ সৈতে মিশ্ৰণ এটা বনাওক। হালধীয়া দাগ লগা হাত আৰু নখৰ অংশত বেকিং চডাৰ মিশ্ৰণটো ঘঁহি দিয়ক। পিছত সেয়া গৰম পানীৰে ধুই দিলে দাগ নোহোৱা হ’ব৷
৪) কাপোৰত হালধিৰ দাগ লাগিলে
প্ৰথমে দাগ থকা ঠাইখিনি ঠাণ্ডা পানীত তিয়াই দিয়ক।
চাবোন পোনপটীয়াকৈ সেই তিতা, দাগ যুক্ত স্থানত ঘঁহি দিয়ক।
ইয়াক অলপ সময়ৰ বাবে তেনে অৱস্থাতে থাকিবলৈ দিয়ক। তাৰ পিছত ঠাইখিনি হাতেৰে ঘঁহি থাকক।এনেদৰে ঘঁহিলে দাগ উঠি যাব৷
Leave A Comment