ডিজিটেল ডেস্ক : নৰসিংহ পাত
ব্যৱহাৰ কৰি খাদ্যৰ সোৱাদ বৃদ্ধি কৰিব পাৰি। এই পাতবোৰ বহু ঔষধি গুণেৰে সমৃদ্ধ।
সেয়েহে ইয়াৰ ব্যৱহাৰে মেদবহুলতা হ্ৰাস কৰি ছাল আৰু চুলিৰ সমস্যা দূৰ কৰিব পাৰি। বিশেষকৈ
যদি আপুনি চুলিত প্ৰাকৃতিক ৰং পাব বিচাৰে তেন্তে নৰসিংহ পাত ব্যৱহাৰ কৰক। এই পাতে চুলি
ক’লা কৰাৰ লগতে বহু দিশত অতি ফলপ্ৰসূ।
১. চুলিৰ ৰং ক’লা কৰাত নৰসিংহ
পাত-
চুলিৰ ৰং ক’লা কৰিবলৈ নৰিসংহ
পাত ব্যৱহাৰ কৰিব পাৰে। দৰাচলতে মেলানিনৰ অভাৱতে চুলি পকিবলৈ আৰম্ভ হয়। এনে অৱস্থাত
নৰিসংহ পাতে আপোনাৰ চুলিত প্ৰাকৃতিকভাৱে ৰং অহাত সহায় কৰিব পাৰে। ইয়াত যথেষ্ট
পৰিমাণে এন্টিঅক্সিডেন্ট আৰু ভিটামিন-বি পোৱা যায়, যিয়ে চুলিৰ গুৰিত মেলানিন উৎপাদন
কৰাত সহায় কৰে। ইয়াৰ ফলত চুলি পকাত প্ৰাকৃতিকভাৱে বাধা দিব পাৰে।
২. ক’লা চুলিৰ বাবে নৰসিংহ
পাত কেনেকৈ ব্যৱহাৰ কৰিব?
নৰসিংহ পাত তেল বা চুলিৰ মাস্ক
হিচাপে ব্যৱহাৰ কৰি চুলিৰ ৰং ক’লা কৰিব পাৰি। চুলিৰ মাস্ক আৰু নৰসিংহ পাতৰ তেল কেনেকৈ
প্ৰস্তুত কৰিব লাগে জানো আহক।
নৰসিংহ পাতৰ তেলঃ-নৰসিংহ পাতৰ
তেল বনাবলৈ এবাটি সতেজ নৰসিংহ পাত আনি নাৰিকল তেল আৰু আধা বাটি কটা পিঁয়াজ মিহলি
কৰিব। ইয়াৰ পাছত কেৰাহীত তেলখিনি গৰম কৰি লওক। নৰসিংহ পাত আৰু পিয়াঁজ দি কিছু সময়
সিজাই ল’ব। তেলৰ ৰং সলনি হ’লে জুই কম কৰি দি তেলখিনি ঠাণ্ডা কৰি এটা বটলত ভৰাই থ’ব
আৰু প্ৰয়োজন অনুসৰি মাজে মাজে চুলিত লগাব।
Calibri;mso-fareast-theme-font:minor-latin;color:#333333;mso-ansi-language:
EN-US;mso-fareast-language:EN-US;mso-bidi-language:AR-SA">চুলিৰ মাস্কঃ-চুলিৰ মাস্ক
প্ৰস্তুত কৰিবলৈ এই পাতৰ এটা পেষ্ট বনাই তাত ১ বাটি দৈ আৰু ২ চামুচ মৌ মিহলাই লওক।
ইয়াৰ পাছত চুলিত এই মাস্ক লগাই প্ৰায় ২০ মিনিটমান সময় ৰাখিব। ইয়াৰ পাছত চুলিখিনি
ভালদৰে ধুই পেলাব লাগে। ইয়াৰ ফলত চুলিৰ সৌন্দৰ্য বৃদ্ধি পাব আৰু প্ৰাকৃতিকভাৱে চুলিৰ
ৰং সলনি হ’ব।
Calibri;mso-fareast-theme-font:minor-latin;color:#333333;mso-ansi-language:
EN-US;mso-fareast-language:EN-US;mso-bidi-language:AR-SA">

Leave A Comment