ডিজিটেল ডেস্কঃ আজি গণেশ চতুৰ্থী। দেশজুৰি গণপতি বাপ্পাৰ আৰাধনাত ব্ৰতী হৈছে ভক্তগণ। চৌদিশে গুঞ্জৰিত হৈছে গণেশ বন্দনা। ভদ্ৰপদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথিত ভগৱান গণেশৰ জন্ম হৈছিল। আজিৰ দিনটোত কিছুমান কাম কৰাটো শুভ আৰু কিছুমান কাম কৰাটো অশুভ বুলি গণ্য কৰা হয়। গণেশ চতুৰ্থীৰ নিশা চন্দ্ৰ দৰ্শন কৰিব নাপায় বুলি এক বিশ্বাস আমাৰ সমাজত প্ৰচলিত হৈ আহিছে। ইয়াৰ আঁৰৰ কাৰণ কি আপুনি জানেনে? বহু লোকে এই কথা জানে আৰু বহু লোক এই বিষয়ে একেবাৰেই জ্ঞাত নহয়।
গণেশ চতুৰ্থীত চন্দ্ৰ দৰ্শন পৰিহাৰ কৰিব লাগে। যদি কোনো লোকে চন্দ্ৰলৈ চায়, তেন্তে তেওঁ মিছা কলংক বা মিছা অপবাদ পায়। আনকি এই অপবাদৰ পৰা ৰক্ষা পোৱা নাছিল স্বয়ং কৃষ্ণ ভগৱানেও। বিষ্ণু পুৰাণত উল্লেখিত কাহিনী অনুসৰি গণেশ চতুৰ্থীত এবাৰ শ্ৰীকৃষ্ণই আকাশৰ চন্দ্ৰলৈ চাইছিল, তাৰপাছতেই শ্ৰীকৃষ্ণৰ বিৰুদ্ধে শ্যামন্তক মণি চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছিল। গণেশ চতুৰ্থীত চন্দ্ৰ দৰ্শন কৰাটো কিয় অশুভ বুলি গণ্য কৰা হয় জানো আহক।
আচলতে গণেশে চন্দ্ৰক দিছিল এক অভিশাপ। ভাদ মাহৰ শুক্ল পক্ষৰ তৃতীয় দিনা চন্দ্ৰক গণেশে এই অভিশাপ দিছিল। ইয়াৰ আঁৰত এটা কাহিনী আছে। কিংবদন্তি অনুসৰি এবাৰ গণেশজীয়ে ক’ৰবাৰ পৰা ভোজন কৰি আহি আছিল, বাটতে গণেশজীয়ে চন্দ্ৰদেৱক লগ পায়। চন্দ্ৰই গণেশৰ ডাঙৰ পেটটো দেখি হাঁহিবলৈ ধৰিলে। এই কথাই গণেশক ক্ষুব্ধ কৰি তুলিলে আৰু তেওঁ ক্ষোভিত হৈ ক’লে যে ''তুমি তোমাৰ ৰূপক লৈ ইমান গৌৰৱান্বিত,নিজৰ ৰূপক লৈ ইমান অহংকাৰ কৰিব নাপায়। মই তোমাক ক্ষয় যাবলৈ অভিশাপ দিলোঁ।'' গণেশৰ অভিশাপৰ বাবে চন্দ্ৰ আৰু তেওঁৰ উজ্জ্বলতা প্ৰতিদিনে ক্ষয় হ’বলৈ ধৰিলে আৰু চন্দ্ৰ মৃত্যুৰ ফালে আগবাঢ়িবলৈ ধৰিলে।
কথা বিষম দেখি দেৱতাসকলে চন্দ্ৰদেৱক শিৱ তপস্যা কৰিবলৈ ক’লে। তাৰ পাছত গুজৰাটৰ বিলত শিৱলিংগ প্ৰতিষ্ঠা কৰি তপস্যাত বহিল চন্দ্ৰদেৱ। চন্দ্ৰদেৱৰ তপস্যাত সন্তুষ্ট হৈ ভগৱান শিৱই তেওঁৰ সন্মুখত প্ৰকট হয় আৰু চন্দ্ৰক নিজৰ শিৰত ধাৰণ কৰি মৃত্যুমুখৰ পৰা ৰক্ষা কৰে। তেতিয়াৰে পৰা ভগৱান শিৱৰ শিৰত চন্দ্ৰৰ বাস হয়। এই ঠাইতেই চন্দ্ৰৰ প্ৰাৰ্থনাত প্ৰথমে ভগৱান শিৱ জ্যোতিৰ্লিংগ ৰূপত আবিৰ্ভাৱ হৈছিল আৰু তেওঁক সোমনাথ বুলি কোৱা হৈছিল।
চন্দ্ৰদেৱে নিজৰ ৰূপৰ অহংকাৰৰ বাবে ভগৱান গণেশৰ ওচৰত ক্ষমা খুজিলে। তেতিয়া গণেশে তেওঁক ক্ষমা কৰি ক’লে যে মই এই অভিশাপ ঘূৰাই ল’ব নোৱাৰো, যিহেতু অভিশাপ ঘূৰাই ল’ব নোৱাৰি। তোমাৰ প্ৰাণৰক্ষা কৰাৰ এটায়ে উপায় আছে, সেয়া হ’ল তুমি প্ৰতিদিনে ক্ষয় হৈ যাবা আৰু ১৫ দিনৰ পাছত তুমি পুনৰ বৃদ্ধি হ’বলৈ আৰম্ভ কৰি সম্পূৰ্ণ ৰূপ ধাৰণ কৰিবা। তোমাক মানুহে প্ৰতিদিনে চাব পাৰিব, কিন্তু ভাদ্ৰপদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথিত যিয়ে তোমাক দেখা পাব, তেওঁৰে গাত মিছা কলংকৰ দাগ লাগিব বা তেওঁ মিছা অপবাদ পাব।
ইয়াৰ আৰু এটা কাহিনী প্ৰচলিত আছে। সেই কাহিনী অনুসৰি ভগৱান শ্ৰী গণেশৰ শিৰ শিৱই ছেদ কৰাৰ পাছত তেওঁৰ শিৰৰ স্থানত এটা হাতীৰ শিৰ লগাই দিয়া হয়। সকলো দেৱতায়ে গণপতিৰ স্তুতি কৰিবলৈ ধৰিলে কিন্তু চন্দ্ৰই গণেশৰ ৰূপ দেখি মনে মনে হাঁহি থাকিল। চন্দ্ৰৰ নিজৰ সৌন্দৰ্যক লৈ বহুত অহংকাৰ আছিল। গণেশে বুজিলে যে-চন্দ্ৰই নিজৰ সৌন্দৰ্যৰ অহংকাৰৰ বাবে তেওঁক উপসাহ কৰিছে।
এই কথাত ক্ৰোধিত হৈ গণপতিয়ে চন্দ্ৰক অভিশাপ দিয়ে-''আজিৰে পৰা তুমি আৰু তোমাৰ ৰূপ দুয়ো ক্ষয় যাব। তেতিয়া চন্দ্ৰই নিজৰ ভুলৰ বাবে অনুতপ্ত হৈ গণেশৰ ওচৰত ক্ষমা বিচাৰে। গণপতিয়ে ক’লে-তোমাক ক্ষমা কৰিছোঁ কিন্তু অভিশাপ ঘূৰাই ল’ব নোৱাৰোঁ, গতিকে তুমি প্ৰতিদিনে ক্ষয় যাবা আৰু ১৫ দিনৰ পাছত তুমি পুনৰ বৃদ্ধি হ’বলৈ আৰম্ভ কৰি পূৰ্ণ প্ৰকাশিত হ’বা। কিন্তু আজি তোমাক দিয়া এই দণ্ড সদায়ে মনত ৰখা হ’ব। কোনো ব্যক্তিয়ে যাতে নিজৰ সৌন্দৰ্যক লৈ অহংকাৰ নকৰে। অহংকাৰ কৰিলে তেওঁৰো তোমাৰ দৰেই অৱস্থা হ’ব। ইয়াৰ লগতে যি ব্যক্তিয়ে ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থীৰ দিনা চন্দ্ৰ দৰ্শন কৰিব সেইজনৰ ওপৰত মিছা অপবাদ লাগিব।''
এই বাবেই গণেশ চতুৰ্থীৰ নিশা মানুহে চন্দ্ৰ দৰ্শন নকৰে। যদিহে ভুলতেও চোৱা যায় তেন্তে লগালগ গণপতি বাপ্পাক ক্ষমা খুজিব লাগে আৰু গণেশদেৱৰ মহামন্ত্ৰ 'ঔম গং গণপত্তিয়ে নমঃ' ২১ বাৰ জপ কৰিব লাগে। তেতিয়া তেওঁৰ এই ভুল খণ্ডন হয়।
Leave A Comment