ডিজিটেল ডেস্ক: আপুনি নিশ্চয় শুনিছে যে মানুহৰ অংগবোৰে তেওঁৰ ব্যক্তিত্বৰ কথা ক’ব পাৰে। মানুহৰ চকু, তেওঁৰ খোজ কঢ়াৰ ধৰণ আদিৰ দ্বাৰা তেওঁৰ বিষয়ে বুজিব পাৰি বা ধৰা পেলাব পাৰি। কিন্তু আপুনি জানেনে যে এজন ব্যক্তিৰ ওঁঠলৈ চাইও তেওঁৰ ব্যক্তিত্ব বহু পৰিমাণে নিৰ্ণয় কৰিব পৰা যায়। এজন মানুহৰ চকুৰ পিছত তেওঁৰ ওঁঠে মানুহক আটাইতকৈ বেছি আকৰ্ষণ কৰে। আজি আমি আপোনালোকক ক'ম কাৰোবাৰ ওঁঠত চাই কেনেকৈ জানিব পাৰি তেওঁৰ ব্যক্তিত্ব কেনেধৰণৰ
যিসকলৰ ওঁঠৰ আকৃতি নিখুঁত হয় তেওঁলোকৰ হৃদয়খন ভাল। এনে লোক আনৰ প্ৰতি সহানুভূতিশীল আৰু উদাৰ। লগতে যিকোনো সম্পৰ্কটোক সৎভাৱে লয়। পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ কথা চিন্তা কৰে। এনে লোকে ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সৈতে সময় কটাবলৈ ভাল পায়। সাধাৰণতে অন্তৰ্মুখী ব্যক্তিত্ব থাকে। কিন্তু কেতিয়াবা এই লোকসকলে খৰখেদাকৈ বা আনকি চিন্তা নকৰাকৈয়ে কথা ক’ব পাৰে যিটো তেওঁলোকৰ বাবে সমস্যা হৈ পৰিব পাৰে।
তলৰ ওঁঠ সম্পূৰ্ণৰূপে থকা লোকসকল সাধাৰণতে উল্লাসিত হয়। জীৱন উপভোগ কৰি ভাল পায়। এইসকল লোকে কেৰিয়াৰত অগ্ৰগতি লাভ কৰে। এনে মানুহে নতুন নতুন বস্তু চেষ্টা কৰি ভাল পায়, নতুন নতুন অভিজ্ঞতা সৃষ্টি কৰি নতুন নতুন ঠাই অন্বেষণ কৰি ভাল পায়।
ওপৰৰ ওঁঠ সম্পূৰ্ণৰূপে থকা মানুহক নাটক প্ৰেমী বুলি জনা যায়। এনে মানুহ অতি সোনকালেই সকলোৰে প্ৰিয় হৈ পৰে। এইসকল লোকৰ কমিক টাইমিং আৰু হাস্যৰসিক হয় । যিকোনো ঠাইতে এই মানুহবোৰে সহজেই নিজৰ কথাখিনি ৰাখে।
যিসকল লোকৰ ওঁঠ পাতল, তেওঁলোক অন্তৰ্মুখী। এনে মানুহে অকলে সময় কটাবলৈ ভাল পায়। এইসকল লোকে মানুহৰ লগত সংযোগ স্থাপন কৰাত অলপ অস্বস্তি অনুভৱ কৰে। মানুহৰ লগত মিহলি হোৱাত অসুবিধা হয় এইসকল লোকৰ।
যদি ওঁঠৰ আকৃতি ধনুৰ দৰে হয়, তেন্তে এনে মানুহ ভাল যোগাযোগকাৰী হয় । যিকোনো ঠাইতে তেওঁলোকৰ কথাৰে ৰাইজৰ ওপৰত এক বেলেগ ছাপ এৰি দিয়ে। এনে মানুহবোৰো ৰোমান্টিক। তেওঁলোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল তেওঁলোকে যিকোনো ঠাইতে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে।
Leave A Comment