• কেনে যাব আজিৰ দিনটো ? জানো আহক দিনটোৰ ৰাশিফল

    জীৱন শৈলী
    কেনে যাব আজিৰ দিনটো ? জানো আহক দিনটোৰ ৰাশিফল
    ডিজিটেল ডেস্কঃ ১৫ অক্টোবৰ ,২০২৩, দেওবাৰ

    ১. মেষ ৰাশি (অ,ল)-মেষ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব পাৰে ।একে খিনি কামকে কৰি থকা বাবে  কৰ্মক্ষেত্ৰত আমনি লাগিব পাৰে৷ ঘৰলৈ আলহীৰ আগমণ ঘটিব পাৰে৷ হাতলৈ ধন আহিব।

    ২. বৃষ ৰাশি( উ,ব,ই)- বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সন্মান লাভ হ'ব, ধন লাভ হ'ব ৷ প্ৰেমতমধ্যম ৷ সতীৰ্থৰ পৰা  মনত আঘাত পোৱাৰ যোগ দেখা যায়।শিঙাল জন্তুৰ পৰা সাৱধান।

    ৩. মিথুন ৰাশি( ক,ছ)- মিথুন ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত নতুন সংবাদ লাভ কৰিব পাৰে। শত্ৰুৰ বাবে্ক ৰ্মত সামান্য বাধাৰ সন্মুখীন হ'ব পাৰে।  হাতলৈ ধন আহিব আৰু খৰচো বৃদ্ধি পাব পাৰে। 

    ৪. কৰ্কট ৰাশি( ড,হ)- কৰ্কত ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত বন্ধুৰ সহায়-সহযোগিতা লাভ কৰিব পাৰে ৷ লগতে আজি আপোনাৰ কৰ্মক্ষেত্রত জটিলতা হ্ৰাস  পাব। ভাতৃৰ সৈতে মতানৈক্য হ’ব পাৰে৷ প্ৰেমত শুভ।

    ৫. সিংহ ৰাশিৰ (ম,ট)- সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, বিদাৰ্থীৰ  শুভ  । মনত আমোদ প্ৰমোদ ভাৱ বৃদ্ধি হোৱাৰ যোগ ।খৰচ বৃধ্দি হ’ব পাৰে৷ প্ৰেমত ভাল দিন।

    ৬. কন্যা ৰাশি (প,ঠ)- কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব ৷আ পাৰিবাৰিক দিশত অতি শুভ৷ প্ৰেমত শুভ৷ খৰচ অলপ বাঢ়িব পাৰে৷ ধাৰাল অস্ত্ৰৰ পৰা সাৱধানে থাকিব।

    ৭. তুলা ৰাশি (ৰ,ত)- তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য উদ্বেগ বাঢ়িব পাৰে। বন্ধুৰ সৈতে  সামান্য মনোমালিন্য হোৱাৰ যোগ ।হাতলৈ ধন আহিব পাৰে৷ সন্ধিয়াৰ ফাললৈ সকলো কথাই শুভ হ’ব। 

    ৮. বৃশ্চিক ৰাশি (ন,য)- বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ  মনৰ পুৰণি আশা পূৰণ হ'ব। প্ৰেমত শুভ হ'ব ।নতুন যোগাযোগ৷ আলহীৰ আগমণ। ধন লাভ। 

    ৯. ধনু ৰাশি (ধ,ভ)- ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব ।  পেটৰ ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।ধন লাভ যদিও খৰচ বৃদ্ধি পাব। 

    ১০. মকৰ ৰাশি (খ,জ)- মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত চিন্তা  বাঢ়িব পাৰে। ধন লাভ হ'ব ।  আনৰ প্ৰসংশা লাভ । দাঁতৰ ৰোগ হ’ব পাৰে। মাতৃৰ বাবে চিন্তা। 
    ১১. কুম্ভ ৰাশি(গ,শ,স)- কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ ব্যৱসায়ী আৰু চাকৰিয়ালসকলৰ শুভ । পুৰণি ৰোগৰ পৰা আৰোগ্য লাভ। চকুৰ ৰোগৰ আশংকা আছে৷ধন লাভ। প্ৰেমত মধ্যম।  

    ১২. মীন ৰাশি( দ,চ)- মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভৰ যোগ।  কৰ্মত সামান্য বাধা  পাব পাৰে ।  আনৰ বাবে মিছাতে অপযশ পাব পাৰে। কথা কওঁতে সেয়ে সংযমী হ’ব। হাতলৈ ধন অহাৰো যোগ৷ প্ৰেমত মতানৈক্যৰ যোগ।