• মাইগ্ৰেইনৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ উপায়

    জীৱন শৈলী
    মাইগ্ৰেইনৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ উপায়
    ডিজিটেল ডেস্ক
    ২০১৯ চনৰ এক অধ্যয়ন অনুসৰি, সমগ্ৰ ভাৰতত প্ৰায় ২১৩ নিযুত লোক মাইগ্ৰেইন ফলত তীব্ৰ বিষত ভুগি আছে।
    আয়ুৰ্বেদৰ মতে, মাইগ্ৰেইন সমস্যাৰ মূল কাৰণ হৈছে আমাৰ শৰীৰত হোৱা  আৰ্থ্ৰাইটিছ আৰু পিত্তৰ ভাৰসাম্যহীনতা । কিন্তু কিছু ঘৰুৱা তথা সহজ উপায়েৰে এই সমস্যাৰ পৰা সহজেই মুক্তি পাব পাৰি৷  
    মাইগ্ৰেইনৰ পৰা মুক্তি পাবলৈ  ৰাতি ১০ ৰ পৰা ১৫ ঘন্টা তিয়াই থোৱা  কিচমিচ  ৰাতিপুৱা সময়ত খাওঁক৷
     অৱশ্যে  ঘৰুৱা  উপায়েৰে মাইগ্ৰেইনৰ পৰা  অস্থায়ীভাৱে  সকাহ পালেও, স্থায়ী সমাধানৰ  বাবে আপুনি চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব।

    মাইগ্ৰেইনৰ কেইটামান বিশেষ লক্ষণ হ’ল - 

    °ভোক হ্ৰাস।
    °কোনো কামত মনোযোগ দিব নোৱাৰা।
    °গোটেই বা আধা মূৰত তীব্ৰ বিষ।
    °অধিক ঘাম ওলোৱা।
    °শক্তিশালী শব্দ আৰু পোহৰত আতংকিত হৈ উঠা
    °খাদ্য সামগ্ৰীৰ প্ৰতি এলাৰ্জি হোৱা।
    °বমি হোৱা বা ওকালি অহা।


    যিসকলৰ মাইগ্ৰেইনৰ সমস্যা আছে, আনকি তেওঁলোকে দুৰ্বল অনুভৱ কৰিলেও, কিছুমান অভ্যাস পৰিহাৰ কৰিব লাগে৷যেনে,
    পেট খালী নাৰাখিব - পেট খালী থাকিলে মাইগ্ৰেইনৰ সমস্যা হ'ব পাৰে। খালী পেটত গেষ্ট্ৰিক থাকে, যি মাইগ্ৰেইন বৃদ্ধি কৰে।

     ৰ'দত খোজ কাঢ়িলে মাইগ্ৰেইনৰ বিষ হ'ব পাৰে।  আনকি অত্যাধিক তাপ, আৰ্দ্ৰতাৰ তাৰতম্য থাকিলেও মাইগ্ৰেইনৰ সমস্যাত ভোগা সকল সাৱধানে থাকিব৷ 

     অত্যাধিক মিঠাই ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰে। যেতিয়া চেনীৰ পৰিমাণ নিয়ন্ত্ৰণত ৰখা হয় তেতিয়া ইনচুলিন প্ৰস্তুত কৰা আৰম্ভ হয়। ফলস্বৰূপে, তেজত শৰ্কৰাৰ পৰিমাণ হ্ৰাস হয়। ৰক্ত শৰ্কৰাৰ স্তৰৰ তাৰতম্যৰ বাবে মাইগ্ৰেইনৰ বিষ আৰম্ভ হ'ব পাৰে।