ডিজিটেল ডেস্কঃ টুথপেষ্ট এনে উপাদানৰ পৰা তৈয়াৰ কৰা হয় যিবোৰৰ পৰিষ্কাৰকৰণৰ গুণ আছে। আমাৰ দাঁত বগা কৰা টুথপেষ্টত এনে বহুতো উপাদান পোৱা যায় যিয়ে যিকোনো কঠিনতম দাগ সহজে আঁতৰাই পেলায়। টুথপেষ্ট ব্যৱহাৰ কৰি ঘৰৰ কি কি বস্তু চাফা কৰিব পাৰি জানো আহক।
১)ফোন কভাৰঃ আমাৰ ফোনটোৰ কভাৰত থকা দাগ আঁতৰোৱাটো কঠিন। টুথপেষ্ট ফোনৰ কভাৰ পৰিষ্কাৰ কৰাত ফলপ্ৰসূ। ফোনৰ কভাৰত ২-৩ মিনিট টুথপেষ্ট লগাই ৰাখিব আৰু তাৰপাছত গৰম পানীৰে ধুই পেলাব। এনে কৰিলে ফোনৰ কভাৰৰ দাগ আঁতৰি যায়।
২)লিপষ্টিকৰ দাগঃ কাপোৰত যদি লিপষ্টিকৰ দাগ লাগে, তেন্তে আঁতৰোৱাটো অতি কঠিন, যদি আমি আঁতৰাবলৈ চেষ্টা কৰো, তেন্তে কেতিয়াবা দেখা যায় যে দাগবোৰ বেছি ঠাইত বিয়পি পৰে। কাপোৰৰ য’ত দাগ আছে তাত টুথপেষ্ট লগাই কিছু সময় থৈ দিব, তাৰপাছত ব্ৰাছেৰে ঘঁহি পৰিষ্কাৰ কৰিলে লিপষ্টিকৰ দাগ আঁতৰি যাব।
৩)চাহৰ চিনঃ বহু সময়ত চাহ একাপ ৰখাৰ পাছত কাঁচৰ টেবুলত দাগ ৰৈ যায়। বেছি সময় পৰিষ্কাৰ নকৰিলে দাগটো আঁতৰোৱাত অসুবিধা হয়। টেবুলত থকা চাহৰ দাগবোৰ টুথপেষ্টেৰে পৰিষ্কাৰ কৰিলে সহজে আঁতৰি যায়।
৪)গহনাৰ ক'লা দাগঃ ৰূপৰ অলংকাৰবোৰ পুৰণি হ’লে ক’লা হৈ পৰে। ইয়াক টুথপেষ্টেৰে পৰিষ্কাৰ কৰিব পাৰি। এই কৌশল মহিলাৰ বাবে অতি উপকাৰী। টুথপেষ্ট লগাই ৰূপৰ অলংকাৰৰ জিলিকনি ঘূৰাই আনিব পাৰি। ২০ মিনিটৰ বাবে গহনাত টুথপেষ্ট লগাই দিয়াৰ পিছত ব্ৰাছেৰে পৰিষ্কাৰ কৰিলে সকলো ক’লা ৰং আঁতৰি যাব।
Leave A Comment