• পতি-পত্নীৰ শোৱনি কোঠাত আছে নেকি আয়না? ফলাফল হ’ব পাৰে এনে...

    জীৱন শৈলী
    পতি-পত্নীৰ শোৱনি কোঠাত আছে নেকি আয়না? ফলাফল হ’ব পাৰে এনে...
    ডিজিটেল ডেস্কঃ পতি-পত্নীৰ মাজত মাজে-সময়ে কাজিয়া লগাটো স্বাভাৱিক কথা। কিন্তু সেই কাজিয়া যদি প্ৰায়ে হৈ থাকে তেন্তে ইয়াৰ আঁৰত আন কিবা কাৰণো থাকিব পাৰে।কেতিয়াবা গৃহসজ্জাত হোৱা ভুলৰ বাবেও পৰিয়ালত অশান্তিৰ শেষ নোহোৱা হয়।

    ফেংছুইৰ মতে ঘৰুৱা শান্তিৰ বাবেই শোৱনি কোঠাত আয়না ৰখাটো উচিত নহয়। আয়নাৰ পৰা অনবৰতে একধৰণৰ শক্তি নির্গত হৈ থাকে। এই শক্তিয়ে গৃহস্থৰ উন্নতিও সাধন কৰিব পাৰে অথবা গৃহস্থৰ বাবে অমংগলজনকো হ'ব পাৰে। সেইবাবে শোৱনি কোঠাৰ ভিতৰত আয়না নৰখাই ভাল। আয়নাত মানুহৰ ছবি প্ৰতিফলিত হয়। 

    সেই ছবি শোৱাৰ সময়ত দেখিলে মানুহৰ টোপনিত ব্যাঘাত জন্মিব পাৰে। অৱশ্যে শোৱনি কোঠাৰ ভিতৰত যদি আয়না ৰাখিবলগীয়া হয় তেন্তে তেনে আয়না কোনো কাপোৰ অথবা আন কোনো সামগ্ৰীৰে ঢাকি ৰাখিব লাগে। শোৱনি কোঠাৰ ভিতৰত বিছনাৰ বিপৰীত দিশে কেতিয়াও আয়না ৰাখিব নালাগে। ইয়াৰ ফলত নানান অমংগল হ'ব পাৰে। 

    শোৱনি কোঠাৰ বিছনাৰ বিপৰীত দিশত আয়না ৰাখিলে স্বামী-স্ত্রীৰ মাজত কাজিয়া-পেচাল হয়। সেয়ে শোৱনি কোঠাৰ ভিতৰত আয়না নৰখাই ভাল।

    ঘৰৰ মুখ্য দ্বাৰৰ সন্মুখত আয়না থাকিব নালাগে

    ঘৰৰ মুখ্য দ্বাৰৰ সন্মুখত বহুতেই আয়না একোখন ওলোমাই থয়। বাহিৰলৈ যোৱাৰ সময়ত অথবা বাহিৰৰ পৰা অহাৰ পিছত বহুতে সেই আয়নাত নিজৰ মুখখন চাই লয়। কিন্তু এয়া ফেংছুইৰ মতে শুভ ফলদায়ক নহয়। ফেংছুইৰ মতে শুভ প্রভাৱসমূহ সেই আয়নাত প্ৰতিফলিত হৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ সলনি ঘৰৰ বাহিৰলৈ ওলাই যায় ৷ সেইবাবে ঘৰৰ মুখ্য দ্বাৰৰ সন্মুখত কেতিয়াও আয়না ওলোমাই ৰাখিব নালাগে।

    ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত যদি দেৱাল আদি থাকে তেন্তে সেই দেৱাল উকা কৰি ৰখাৰ সলনি তাত সুন্দৰ ৰং, ছবি আদি আঁকি থ’লে গৃহস্থৰ মন প্ৰসন্ন হৈ পৰিব।

    তেনে দেৱালত বিভিন্ন প্রাকৃতিক দৃশ্য আদিৰ ছবি আঁকি থ’ব পাৰি । তেনে প্রাকৃতিক দৃশ্যই গৃহস্থই ঘৰৰ মুখ্য দুৱাৰেৰে বাহিৰলৈ ওলোৱাৰ সময়ত গৃহস্থৰ মনত ইতিবাচক চিন্তাৰ সঞ্চাৰ ঘটাব আৰু গৃহস্থৰ মন প্রফুল্ল হৈ পৰিব ।