Sci & Tech
Metaverse ecosystems offer completely working virtual environments in which people may collaborate, play games, and...
নতুন দিল্লী : উত্তৰ প্ৰদেশত ৰহস্যজনক ঘটনা। উন্নাওত বুধবাৰে সন্ধিয়া উদ্ধাৰ হৈছে দুগৰাকী কিশোৰীৰ মৃতদেহ। একে স্থানতে আন এগৰাকী কিশোৰীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে এই ৰহস্যজনক ঘটনাৰ বিষয়ে প্ৰকাশ কৰিছে।
আৰু পঢ়িব পাৰিব : ভাৰ্ছুৱেল মাধ্যমেৰে ধুবুৰী-মেঘালয় দলঙৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ…
সম্পৰ্কীয় বাই-ভনী কিশোৰী তিনিগৰাকীয়ে বুধবাৰে বিয়লিৰ ভাগত পশুৰ খাদ্য সংগ্ৰহৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল। নিশালৈকে তেওঁলোক ঘৰলৈ উভতি নহা বাবে পৰিয়ালৰ লোকে তেওঁলোকৰ বিচাৰ-খোচাৰ আৰম্ভ কৰে আৰু তেওঁলোকক পথাৰৰ মাজত অচেতন হৈ পৰি থকা অৱস্থাত উদ্ধাৰ কৰে। উদ্ধাৰৰ পাছত তেওঁলোকক হাস্পতাললৈ নিয়া হয় যদিও দুগৰাকী কিশোৰীক মৃত ঘোষণা কৰে চিকিৎসকে।
আৰু পঢ়িব পাৰিব : ৰাজস্থানৰ নাৰী সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ অসমৰ চাৰি যুৱতী
১৭ বছৰীয়া তিনিওৰে ভিতৰত বয়োজ্যেষ্ঠ কিশোৰীগৰাকীক পাছত কানপুৰৰ এখন হাস্পতাললৈ স্থানান্তৰ কৰা হয়। মৃত কিশোৰী দুগৰাকীৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। চিকিৎসকে প্ৰকাশ কৰা মতে, প্ৰাথমিক পৰীক্ষাত বিহ পান কৰা বা কৰোঁৱাৰ ফলতে তেওঁলোকৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে। এই ৰহস্যজনক ঘটনাৰ তদন্ত কৰাৰ বাবে আৰক্ষীকৰ ছটা দল গঠন কৰা হৈছে আৰু ডগ স্কোৱাডকো কামত লগোৱা হৈছে।
Leave A Comment