Business
নতুন দিল্লী : ২৬ জানুৱাৰীত লালকিল্লাত হোৱা হিংসাৰ গোচৰত অভিযুক্ত পঞ্জাবী অভিনেতা তথা সমাজকৰ্মী দীপ সিদ্ধুৱে জামিন লাভ কৰিছে। লালকিল্লাত হোৱা হিংসাত উচতনি দিয়াৰ অভিযোগ উঠিছিল দীপ সিদ্ধুৰ বিৰুদ্ধে। ৩৬বছৰীয়া অভিনেতাজনত ৯ ফেব্ৰুৱাৰীত হাৰিয়ানাৰ কৰ্নালৰ পৰা গ্ৰেপ্তাৰ কৰিছিল দিল্লী আৰক্ষীয়ে।
আৰু পঢ়িব পাৰিব : ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল ৪৩সংখ্যক বেলতলা ব’হাগী উৎসৱ
কৃষক আন্দোলনৰ নেতাসকলেও সিদ্ধুৱে তেওঁলোকেৰ আন্দোলনটোক বিপথগামী কৰাৰ চেষ্টা কৰা বুলি অভিযোগ কৰিছিল। ইফালে, ইয়াৰ পূৰ্বৰ শুনানিত সিদ্ধুৰ অধিবক্তাই দাবী কৰিছিল যে, সিদ্ধু দিল্লীত গণৰাজ্য দিৱসৰ দিনা হোৱা হিংসাত জড়িত নাছিল। তেওঁ কেৱল এটা ভিডিঅ’হে শ্বেয়াৰ কৰিছিল।
আৰু পঢ়িব পাৰিব : কৰ’নাৰ কালৰূপ : দেশত ২ লক্ষাধিক লোক আক্ৰান্ত
দিল্লীৰ এখন আদালতে আজি সিদ্ধুৰ জামিন মঞ্জুৰ কৰে। সিদ্ধুক তেওঁৰ পাছপ’ৰ্ট আদালতত জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু তদন্তকাৰী বিষয়াৰে সহযোগ কৰিবলৈ কোৱা হৈছে।
Leave A Comment